সীমান্তত নেপালৰ তৎপৰতা বৃদ্ধি

Screenshot 2020 07 04 19 32 59 80 e2d5b3f32b79de1d45acd1fad96fbb0f

নেপাল চৰকাৰে ভাৰত সীমান্তত সাজি উলিয়াইছে চাৰিটাকৈ নতুন সীমান্ত পহৰা চকী । ভাৰতৰ উত্তৰাখণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এই চাৰিটা সীমান্ত চকী সাজি উলিয়াইছে নেপালে । ইতিমধ্যে, এই সীমান্ত চকী কেইটা উদ্বোধনো কৰে নেপালৰ সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপ-মহাপৰিদৰ্শক হৰি শংকৰ বুধাথোকিয়ে । উত্তৰাখণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নেপালৰ দিশে থকা জুলজিবি, লালি, ডুমলিংগ আৰু পাঞ্চেশ্বৰত সাজি উলিওৱা হৈছে সীমান্ত চকী কেইটা ।

ভাৰতীয় চোৰাংচোৱাৰ তথ্য অনুসৰি ভাৰত -নেপালৰ মাজত থকা ১৭৫০ কিলোমিটাৰযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমান্তত পূৰ্বৰ ১২০ টা সীমান্ত চকীৰ পৰিৱৰ্তে শেহতীয়াকৈ এই সংখ্যা ৫০০ লৈ বৃদ্ধিৰো পৰিকল্পনা গ্ৰহণ কৰিছে নেপাল চৰকাৰে । নেপালৰ সীমান্ত চকী বিলাকত ইতিপূৰ্বে আৰক্ষীয়ে নিৰাপত্তাৰ দিশটোত দৃষ্টি ৰাখিছিল যদিও শেহতীয়াকৈ সীমান্তৰক্ষী বাহিনীৰ হাতত অৰ্পণ কৰা হৈছে।

Exit mobile version