অনিশ্চয়তাত দেশবাসীঃ কেতিয়া লাভ কৰিব কৰ’নাৰ ভেকচিন

2020 04 10T101626Z 1381094164 RC2M1G9O1B56 RTRMADP 3 HEALTH CORONAVIRUS VACCINE min 1586956004

ভাৰতত অহা আগষ্টত কৰ’নাৰ প্ৰতিষেধক বজাৰত মুকলি কৰি দিয়া হ’ব বুলি ইতিমধ্যে চৰ্চা চলিছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ ঘোষণা অনুসৰিয়ে এই প্ৰতিষেধকৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ভাৰতবাসীয়ে ৷ অহা ১৫ আগষ্টত এই ভেকচিন মুকলি কৰা হ’ব বুলি কৈছে আই চি এম আৰে ৷ এনে সময়তে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতত নিৰ্মিত ক’ভেক্সিন আৰু জাইক’ভ ডি ২০২১ ৰ পূৰ্বে ৰাইজৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰাটো সম্ভৱ নহয় । বিশ্বজুৰি পৰীক্ষা নিৰীক্ষা চলি থকা ১১ টা ক’ভিড-১৯ প্ৰতিষেধকৰ ক্ষেত্ৰত এইয়া সম্ নহয় বুলি মন্ত্ৰ্যালয়ে কয়।

আই চি এম আৰে সাম্ভাৱ্য কৰ’না ভাইৰাছৰ প্ৰতিষেধক মুকলিৰ বাবে অহা ১৫ আগষ্টৰ দিনটো নিৰ্ধাৰণ কৰা পাছতে সৃষ্টি হোৱা বিতৰ্কৰ পিছত বিজ্ঞান প্ৰযুক্তি মন্ত্ৰ্যালয়ে এই বিবৃতি প্ৰকাশ কৰে ৷ মন্ত্ৰ্যালয়ে কয় যে বিশ্বজুৰি এশৰো অধিক প্ৰতিষেধক প্ৰস্তুতৰ কাম চলি আছে । ইয়াৰে ১১ টা মানৱ শৰীৰত ক’ভিড-১৯ প্ৰতিষেধকৰ কাম কৰি আছে ৷ ২০২০ ত নহয় ২০২১ ত হে কৰ’না ভেকচিন আহিব বজাৰলৈ ৷ অৱশ্যে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে এই বিষয়ৰ সন্দৰ্ভত নিজৰ ৱেবছাইটৰ পৰা তথ্য সমূহ আঁতৰাই দিয়ে ।

Exit mobile version