প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰা ট্ৰেইলৰ আজি মুক্তি পালে ৷ সুশান্তৰ মৃত্যুৰ পিছত নেপ’টিজমকে আদি কৰি বিভিন্ন প্ৰসংগই চৰ্চা লাভ কৰি আছে ৷ আৰু বলীউডৰ বিভিন্ন চেলিব্ৰিটিক সমালোচনাৰ কেন্দ্ৰ কৰি লৈছে। ইয়াৰ মাজতে দিল বেচাৰাত সুশান্তৰ লগত একেলগে অভিনয় কৰা অভিনেতা দীপক কালৰাৰ মন্তব্য কৰে “সপোনবোৰক পূৰণ কৰিবৰ কাৰণে আপোনাক পৃথিৱীৰ কোনো বস্তুৱেই ধৰি ৰাখিব নোৱাৰে ৷” লগতে নেপ’টিজমৰ ওপৰত দীপকে কয় “জীৱনতো জীয়াই থকাৰ দুটা পথ আছে ৷ ইয়াৰে এটা হৈছে যিটো পূৰ্বৰে হৈ আহিছে, সেয়া হ’বলৈ দিয়ক ৷ নহ’লে পৰিৱৰ্তন কৰিবলৈ কিবা এটা কৰক। নেপ’টিজম আছে যদি আছে আৰু, কিন্তু আপোনাৰ সপোনবোৰক পূৰণ কৰাত নেপ’টিজমে ধৰি ৰাখিব নোৱাৰে ।গতিকে এই কথাটোক কেনেধৰণে লয় সেয়া আপোনাৰ কথা ৷ আপুনি ক’ব পাৰে যে ইয়াত সকলোতকৈ আগত ষ্টাৰ কিডচে সুবিধা পায় । মইতো একো কৰিবই নোৱাৰিম । বা আপুনি ক’ব পাৰে যে ষ্টাৰ কিডে সুবিধা পাব পাৰে ৷ কিন্তু মই যি হ’ম বুলি ভাবিছো সেয়া হ’মেই। মোৰ নিজৰ ওপৰত বিশ্বাস আছে। লক্ষ্যত উপনীত হ’বলৈ কঠিন যদিও অসম্ভৱ নহয়”৷
ইপিনে সুশান্তৰ আত্মহত্যাৰ পিছত কৰণ জোহৰ, আলিয়া ভাট্ট, ছলমান খান সমালোচনাৰ সন্মুখীন হোৱাৰ প্ৰসংগত দীপকে কয় “মই ব্যক্তিগত ভাৱে সেইসমূহ প্ৰচাৰক বিশ্বাস নকৰোঁ ৷ বহু লোকেই এই পৰিস্থিতিটোৰ সুবিধা ল’ব বিচাৰিছে ৷যদি চেলিব্ৰিটিসকলে ছ’চিয়েল মিডিয়াত নিজৰ কমেন্ট চেকচন বন্ধ কৰি দিয়ে বা একাউণ্ট বন্ধ কৰি দিয়ে তেন্তে সেয়া তেওঁলোকৰ পছন্দ। উল্লেখযোগ্য যে ১৪ জুনত সুশান্ত সিং ৰাজপুতে বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰিছিল ৷ ইয়াৰ পিছৰ পৰাই বলীউডৰ কিছুসংখ্যক চেলীব্ৰেটীক সমালোচনাৰ সন্মুখীন কৰি লোৱা হৈছিল ৷ সম্প্ৰতি বান্দ্ৰা আৰক্ষীয়ে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে।