ক’ভিড-১৯ ৰ ব্যাপক গণসংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত ৰাজ্য চৰকাৰে সম্পূৰ্ণ “তলাবন্ধ” দিয়াৰ প্ৰতি লক্ষ্য ৰাখি কোনো কাৰণতে কামৰূপ মহানগৰ জিলাৰ দৰে ক’ভিড- ১৯ ৰ সংক্ৰমণে যাতে দৰং জিলাবাসীক ব্যাপক হাৰত আক্ৰান্ত কৰিব নোৱাৰে, তাৰবাবে জিলাৰখনৰ জনসাধাৰণৰ স্বাস্থ্য তথা সুৰক্ষাৰ নিশ্চয়তাৰ বাবে জিলা দুখনৰ মাজত জনসাধাৰণৰ আহ-যাহ তৎকালীন ভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে দৰং জিলা দণ্ডাধীশ দিলীপ কুমাৰ বৰাই ।
আনহাতে চৰকাৰী কাম-কাজ চলাওঁতে যাতে এইক্ষেত্ৰত কোনোধৰণৰ স্হবিৰতাৰ সন্মুখীন নহয় তাৰবাবে জিলাখনৰ সকলো বিভাগৰ মূৰব্বী তথা বিষয়া- কৰ্মচাৰীসকলক হেড কোৱাৰ্টাৰত থকাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে দণ্ডাধীশগৰাকীয়ে । কোনো লোকে এই নিৰ্দেশৰ অৱমাননা কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।