কৃষ্ণ গহ্বৰৰ ঘন ক’লা পৰিৱেশৰ মাজৰ পৰা উদ্ভাসিত হৈছে পোহৰৰ জিলিকনি ।আমেৰিকাৰ ছান ডিয়েগ’ত নাছাৰ পাল’মাৰ অবজাৰভেটৰীৰ পৰা দেখা এখন ফটোত জ্যোতিৰ্বিজ্ঞানীসকল স্বাভাৱিকতে আচৰিত হৈ পৰিছে।জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে,নাছাৰ এই ফটোৱে কৃষ্ণ গহ্বৰৰ নতুন দিশ সন্মুখলৈ আনিব পাৰে ।
মহাকাশত কৃষ্ণ গহ্বৰৰ চৰিত্ৰ অধিক গভীৰভাৱে জানিবলৈ নাছাই দুটা অতি শক্তিশালী মহাকৰ্ষীয় তৰংগ চিহ্নিতকাৰী যন্ত্ৰ স্থাপন কৰিছিল।ইয়াৰ এটা বহুওয়া হৈছিল ছান ডিয়েগ’ৰ সমীপৰ পাল’মাৰ অবজাৰভেটৰীত ।ইয়াত বিজ্ঞানীসকলে ব্যৱহাৰ কৰিছে কেলটেকৰ জেড টি এফ যন্ত্ৰ ।মহাকৰ্ষীয় তৰংগৰ খুঁটি-নাটি ধৰিব পৰা ইমান শক্তিশালী যন্ত্ৰ কমেইহে আছে।
উক্ত যন্ত্ৰতেই দেখা গ’ল সেই অস্বাভাৱিক দৃশ্য।কৃষ্ণ গহ্বৰত দেখা পোহৰৰ তৰংগৰ এটা প্ৰাথমিক বিশ্লেষণ বিজ্ঞানী সকলে দাঙি ধৰিছে ।মহাকাশত দুটা কৃষ্ণ গহ্বৰে প্ৰবল গতিৰে ঘূৰি ঘূৰি পৰস্পৰৰ স’তে খুন্দা খাইছে অৰ্থাৎ মহাকাশতে সংঘটিত হৈছে বিৰাট সংঘৰ্ষ।এই সংঘৰ্ষৰ ফলতে দুয়োটা কৃষ্ণ গহ্বৰৰে শৰীৰ নষ্ট হৈ জন্ম লৈছে তুলনাত সৰু আন দুটা কৃষ্ণ গহ্বৰ।তেতিয়াই পোহৰৰ তৰংগ দেখা গৈছে সেই নৱজাত কৃষ্ণ গহ্বৰৰ শৰীৰৰ পৰা ।লক্ষণীয় দিশটো হ’ল ,এইবোৰ ঘটনা কিন্ত মহাকাশৰ বুকুত অতীততে সংঘটিত হৈছে ।কেৱল পোহৰৰ তৰংগ পৃথিৱীত উপস্থিত হ’বলৈ সময়ৰ প্ৰয়োজন হৈছে ।






























