সমাজ কল্যাণ বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰিৰ অন্যতম অভিযুক্ত পৱন আগৰৱালাৰ ৰক্ষণাবেক্ষণত থিয় দিছে দিছপুৰৰ প্ৰভাৱশালী চক্ৰ ৷ ফলত বিগত দুবছৰ অতিক্ৰম কৰাৰ পাছতো মেৰ্চাছ গ্ল’বেল ইণ্ডিয়াৰ স্বত্বাধিকাৰ তথা অভিযুক্ত ঠিকাদাৰ পৱন আগৰৱালাক “ব্লেকলিষ্টেড” কৰিব পৰা নাই বিভাগে ৷ ইয়াৰ সুযোগতে প্ৰতিষ্ঠানৰ নাম সলনিৰে পুনৰ খোপনি পোতাৰ চেষ্টা অব্যাহত ৰাখিছে ঠিকাদাৰজনে ৷
দিছপুৰৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে ইন্দিৰা গান্ধী মাতৃত্ব যোজনা আঁচনি ৰূপায়ণৰ নামত ৰাজ্যৰ সমাজ কল্যাণ বিভাগত সংঘটিত হয় বিয়াগোম কেলেংকাৰী ৷ সমাজ কল্যাণ সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক এছ এছ মিনাক্ষী সুন্দৰমে দাখিল কৰা অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে ১৯/২০১৬ নম্বৰত এক গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰে ।
উক্ত তদন্তৰ সময়তে সমাজ কল্যাণ বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰীত ঠিকাদাৰ পৱন আগৰৱালা প্ৰত্যক্ষভাৱে জড়িতৰ তথ্য উদ্ধাৰ হয় ৷ইয়াৰ পাছতে তদাৰকী কোষে অভিযান চলাই মহানগৰীৰ চান্দমাৰী আৰু বেলতলাৰ মৈদামগাঁৱত পৃথকে পৃথকে থকা দুটাকৈ গুদাম ছীল কৰে ৷ প্ৰভাৱশালী চক্ৰৰ হেঁচাৰ বাবেই ফাইলবোৰো বিগত দুবছৰে দিছপুৰতে পৰি ৰৈছে ৷ ইয়াৰ সুযোগতে প্ৰতিষ্ঠানৰ নাম সলনিৰে আগৰৱালাই বিভাগটোত পুনৰ খোপনি পুতিছে বুলি সূত্ৰটোৱে জনায় ৷