বিগত সপ্তাহযোৰা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত নিতৌ সংঘটিত হৈছে ভূমিস্খলন ।আজি চানমাৰিৰ অমিয়নগৰৰ কেইবাটাও স্থানত ভূমিস্খলন সংঘটিত হয়।যাৰ ফলত অঞ্চলটোৰ হলিচাইল্ড সংযোগী পথৰ কেইবাগৰাকীও স্থানীয় বাসিন্দাৰ বাসগৃহ অতি বিপদসঙ্কুল হৈ পৰিছে।
জানিব পৰা মতে অঞ্চলটোৰ পৰেশ তালুকদাৰ ,ললিত ভূঞা ,বৈজয়ন্তী ডেকাৰ লগতে ভালেকেইগৰাকী আবাসীৰ বাসগৃহ অতি সংকটজনক অৱস্থাত আছে।ইফালে ধাৰাবাহিক লকডাউনৰ বাবে অঞ্চলবাসী যথেষ্ট আৰ্থিক সংকটত ভোগা দেখা গৈছে।যাৰ ফলত তেওঁলোকে নিজৰ ঘৰটো মেৰামতি কৰিব পৰা নাই।বহুতে ত্ৰিৰ্পাল টানি কোনোমতে আছে।
এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে অঞ্চলবাসীয়ে। আনহাতে কেৱল চানমাৰিয়ে নহয় খাৰঘুলি ,কাহিলিপাৰা,নুনমাটি , উলুবাৰী সকলোতে সংঘটিত হৈছে ভূমিস্খলন ।যাৰ ফলত বহু লোক ইতিমধ্যে মৃত্যুক আকোৱালি ল’ব লগা হৈছে।