মুম্বাইৰ নানাৱতী হাস্পতালত বচ্চন পৰিয়ালৰ দুই পিতাপুত্ৰঃ স্বাস্থ্য বৰ্তমান সুস্থিৰ

IMG 20200712 WA0028

ক’ভিড১৯ৰ কাৰণে বলীউডৰ বিগ বি অমিতাভ বচ্চন আৰু অভিষেক বচ্চনক মুম্বাইৰ নানাৱতী হস্পিতালত ভৰ্তি কৰা হৈছে ৷ এক বিশেষ তথ্যৰ মতে সম্প্ৰতি দুয়োজন পিতা পুত্ৰই সুস্থ । দুয়োজন আইছ’লেছন ৱাৰ্ডত আছে আৰু দুয়োজনেই সম্প্ৰতি সুস্থ ৷ সম্প্ৰতি দুয়োজনকে বিশেষ কোনো চিকিৎসাৰ প্ৰয়োজন নাই। নানাৱতী চিকিৎসালয়ৰ ক্ৰিটিকেল কেয়াৰ চাৰ্ভিছৰ মুখ্য বিষয়া ডা° আব্দুল আহমদ অঞ্চাৰীয়ে কয় যে অমিতাভৰ শৰীৰত ক’ভিড-১৯ ৰ লক্ষণ ধৰা পৰা পাঁচ দিন হৈছে ।

ৰোগীসকলক কৰ’নাৰ লক্ষণ ১০-১২ দিনত ধৰা পৰে  ৷ কিন্তু সকলোৰে ক্ষেত্ৰত এনেকুৱা নহয় । কিছুমানৰ শৰীৰত অলপমানহে লক্ষণ পোৱা যায়। আইছ’লেছনত থাকিও অমিতাভে গতানুগতিক কাৰ্য অব্যাহত ৰাখিছে ৷ বলীউডৰ বিগ বি অমিতাভে অনুৰাগী, সহকৰ্মী, সংবাদ মাধ্যম আৰু বন্ধুক জন্মদিনৰ ওলগ জনাইছে ৷

আনহাতে অমিতাভ আৰু অভিষেক বচ্চনক পৃথকে ৰখা হৈছে ৷ দুয়োজনই আইছ’লেছন ৱাৰ্ডত আছে। দুয়োজনৰে শৰীৰৰ সম্প্ৰতি সুস্থ ৷ বচ্চন পৰিয়ালত অমিতাভ আৰু অভিষেক বচ্চনৰ পিছত ঐশ্বৰ্য্য ৰায় বচ্চন,জীয়ৰী আৰাধ্য বচ্চনৰ কৰ’নাৰ ফলাফল পজিটিভ পোৱা গৈছে। কিন্তু জয়া বচ্চনৰ কৰ’না ফলাফল নিগেটিভ আহে । বিএমচিএয়ে অমিতাভ বচ্চনৰ জুহুস্থিত জলসা ঘৰত চেনিটাইজাৰ কৰিছে ৷ ইফালে অভিষেক বচ্চনৰ কৰ’না ফলাফল পজিটিভ অহাৰ পিছত তেওঁৰ ডাবিং ষ্টুডিঅ’টো বন্ধ কৰি দিয়া হৈছে ৷

Exit mobile version