অম্বিকাগিৰি নগৰত সন্ত্ৰাস সৃষ্টি কৰা দুৰ্বৃত্তক গেপ্তাৰ

1489arrested

নিশা হ’লেই পি পি ই কিট পৰিধান কৰি অম্বিকাগৰি নগৰত সন্ত্ৰাস সৃষ্টি কৰি অহা এটা দুৰ্বৃত্তক গীতানগৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কৰায়ত্ব কৰে । তলাবন্ধৰ এই সময়ছোৱাত একাংশ দুৰ্বৃত্তই অম্বিকাগিৰি নগৰৰ আকাশী পথ, ধ্ৰুবজ্যোতি পথত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । অঞ্চলটোৰ নামঘৰৰ দেৱালত আবাসীৰ ঘৰৰ দেৱালত নানা অশ্লীল শব্দ লিখাৰ উপৰিও একাধিক বাসিন্দাক মৃত্যুৰ ভাবুকিও দি আহিছিল দুৰ্বৃত্তই । আনকি এঘৰৰ দুখনকৈ মটৰ চাইকেলো জ্বলাই দিছিল দুৰ্বৃত্তই ।

যাৰ ফলত দীৰ্ঘদিন ধৰি অঞ্চলবাসী ভয়ত কম্পমান হৈ আছিল ৷ আৰক্ষীয়ে বুধবাৰে নিশা অতৰ্কিতে অনুসন্ধান চলাই অনুপম ৰায় নামৰ এটা অপৰাধীক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে আৰক্ষীয়ে অপৰাধীটোক জেৰা অব্যাহত ৰাখিছে । লগতে এই ঘটনাত আৰু অধিক অপৰাধী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে গীতানগৰ আৰক্ষীয়ে । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ১৯৬ নং ত এক গোচৰ ৰুজু কৰা হৈছে ৷

Exit mobile version