উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া অবৈধ আখ্যা

election commission of india

দেশত নিৰ্বাচন আয়োগৰ এক প্ৰাক্তন ন্যায়িক পৰামৰ্শদাতাই কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰচেষ্টাক অবৈধ আখ্যা দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে  ৷  অসমসহ একাধিক ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে  সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বাট চাই থকাৰ সময়তে এচ কে ৰ পত্ৰই কেন্দ্ৰক বিপাঙত পেলোৱাই নহয় ৰাজনৈতিক দলসমূহৰ মাজতো জোকাৰণিৰ সৃষ্টি কৰিছে ৷ নিৰ্বাচন আয়োগত ৫০ বছৰৰো অধিককাল সেৱা আগবঢ়োৱা মেত্তিৰাট্টাই কয় যে অৰুণাচল প্ৰদেশ, মণিপুৰ, অসম আৰু নাগালেণ্ডত সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন অসাংবিধানিক আৰু তথৈবচ ৷

তেওঁ তিনি নিৰ্বাচন আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে যোৱা ছয় মাৰ্চত আইন মন্ত্ৰণালয়ৰ জাননীয়ে ১৯৫০ চনৰ জনপ্ৰতিনিধি আইন ভংগ কৰিছে ৷ এই আইনৰ ধাৰা ৮ (ক)ত উল্লেখ আছে যে চাৰিখন উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ যেতিয়া হ’ব সেয়া দেশৰ নিৰ্বাচন আয়োগৰ বিবেচনাধীন হ’ব ৷ সেয়েহে নতুনকৈ গঠিত সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে অৰুণাচল, মণিপুৰ, অসম আৰু নাগালেণ্ডত গ্ৰহণ কৰা যিকোনো পদক্ষেপেই আদালতে অবৈধ বুলি ঘোষণা কৰিব ৷

আনহাতে ২০০৮ ত সম্পন্ন কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পৰা এই চাৰি ৰাজ্য বাদ পৰিছিল ৷ ২০০৮ ৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত ২০০১  ৰ লোকপিয়লৰ অত্যাধিক ব্যৱহাৰৰ আওতাৰ পৰা চাৰি ৰাজ্যক বাহিৰত ৰখা হৈছিল ৷ এই লোকপিয়ল ত্ৰুটিপূৰ্ণ বুলি বিভিন্ন দল সংগঠন আদালতৰ দ্বাৰস্থ হৈছিল । কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে যোৱা ছয় মাৰ্চত উত্তৰ পূৰ্বাঞ্চলৰ চাৰি ৰাজ্য আৰু জম্মু কাশ্মীৰত জাননী যোগে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰে ৷

Exit mobile version