বাগানপাৰাত বানত বিধ্বস্ত কৃষি পথাৰ মেৰামতি কৰিলে ৰাইজে

20200719 132105

বানত বিধ্বস্ত এখন খেতিপথাৰ ৷ পাগলাদিয়াৰ বাঢ়নী পানীয়ে এফালৰ পৰা ধ্বংস কৰিছে পথাৰখন ৷ খেতিপথাৰত সৃষ্টি হৈছে আন এখন নদী ৷ বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বগুলামাৰী শিয়ালদাৰাৰ পথাৰ এইবাৰৰ বানে তচনচ কৰি গৈছে ৷ পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে ভাঙিছে কৃষকৰ সপোন ৷ কৃষিবান্ধ ভাঙি সোমাই অহা পানীয়ে বিনষ্ট কৰি পেলাইছে সহস্ৰাধিক বিঘা খেতি পথাৰ ৷ ধ্বংস কৰিছে প্ৰায় ডেৰ শতাধিক কৃষকৰ ভৱিষ্যতৰ সপোন ৷ পিচে কৃষকৰ দুখ বুজিবলৈ নাই কোনো বিভাগীয় কৰ্তৃপক্ষ নাইবা জনপ্ৰতিনিধি ৷ সেয়ে নিজে ওলাই আহিল কৃষক ৰাইজ ৷ নিজৰ পকেটৰ ধনেৰে কিনি অনা বস্তা আৰু বাৰীৰ বাঁহৰে কৃষিবান্ধৰ ভগ্ন অংশ মেৰামতি কৰিলে ৷

ৰাইজৰ অভিযোগ পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে কৃষিপথাৰ নষ্ট কৰাৰ পিচতো খবৰ লবলৈ অহা নাই কোনো চৰকাৰী বিষয়া ৷ সেয়ে ৰাইজে নিজৰ জেপৰ ধন খৰচ কৰি মেৰামতি কৰিছে কৃষিবান্ধৰ ভগ্ন অংশটো ৷ বানে ধ্বংশ কৰা প্ৰায় এহাজাৰ বিঘা খেতি মাটিৰ সৈতে জড়িত হৈ আছে প্ৰায় ডেৰ শ টা পৰিয়ালৰ ভবিষ্যত ৷ কৃষকক সকাহ দিয়াৰ বাবে চৰকাৰৰ এটি কৃষি বিভাগ আছে যদিও এই সকল কৃষকে কোনো সহাৰি নাপায় বিভাগটোৰ পৰা । কিন্তু কৃষকৰ দুৰ্যোগৰ সময়ত চৰকাৰৰ এইসমূহ আচনিয়ে ঢুকি নোপোৱাৰ ৰহস্য ক’ত বুলি অভিযোগ উঠিছে ।

বাক্সা কৃষি বিভাগে প্ৰকৃত কৃষকৰ পৰিৱৰ্তে একাংশ ভুৱা কৃষকক বিভিন্ন কাৰণত সহাঁৰি জনোৱাৰ গুৰুতৰ অভিযোগ কৰে । যাৰ কাৰণে বান বিধ্বস্ত বগুলামাৰী শিয়ালদ্বাৰাৰ প্ৰায় ডেৰ শতাধিক কৃষকে আজি নিজৰ গাঁঠিৰ ধন খৰছ কৰি কৃষি পথাৰ ৰক্ষা কৰিব লগা হৈছে । ইপিনে বিভাগটোৰ পৰা প্ৰতিটো অঞ্চলত একোজন গ্ৰাম সেৱক আছে যদিও আজি পৰ্যন্ত তেওঁৰ মুখ দেখা নাই এই সকল কৃষকে । সেয়েহে উপায়ন্তৰ দুৰ্ভগীয়া এইসকল কৃষকে সংবাদ মাধ্যমৰ আশ্ৰয় লয় । ইপিনে চৰকাৰ আন এটি বিভাগ জলসিঞ্চন, এই বিভাগটোয়েও কৃষকসকলৰ খেতি পথাৰত পানীৰ সু-ব্যৱস্থা কৰি নিদিয়াৰ গুৰুতৰ অভিযোগ কৰে কৃষকসকলে

Exit mobile version