দেশৰ অন্যান্য প্ৰান্ততকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত কৰ’না আক্ৰান্তৰ সীমিত সংখ্যাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ বিশেষকৈ অঞ্চলটোৰ পাহাৰীয়া অঞ্চলসমূহত কৰ’না আক্ৰান্তৰ সংখ্যা এতিয়াও আঙুলিৰ মূৰত গন্তি কৰিব পৰা হৈ আছে ৷ জনঘনত্ব কম আৰু দূৰ্গম অঞ্চল হোৱাত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা নাই বুলিও একাংশই ধাৰণা কৰিছে ৷ আই চি এম আৰৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলত কৰ’না আক্ৰান্তৰ সংখ্যা যথেষ্ট কম ৷আনহাতে মৃত্যুৰ সংখ্যা নাই বুলিবই পাৰি ৷ কিন্তু এনে হৈছে কিয়? ইয়াৰ আৰঁত কি ৰহস্য লুকাই আছে ৷
অনুমান কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অধিক সংখ্যক ভূমি পুত্ৰৰে পছন্দৰ খাদ্য গাঁতত পুতি থোৱা মাছৰ দ্বাৰা প্ৰস্তুত ব্যঞ্জনে এই ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিছে ৷ এনে মাছৰ দ্বাৰা মেলেৰিয়াৰ দৰে ৰোগৰ পৰাও উপশম লাভ কৰি আহিছে অঞ্চলটোৰ বাসিন্দাসকলে ৷ উল্লেখযোগ্য যে পুঠিমাছকে ধৰি স্থানীয়ভাৱে উপলব্ধ বিভিন্ন সৰু মাছ এটি পাত্ৰত তেল হালধি সানি টানকৈ মুখখন বন্ধ কৰি কে’বা মাহলৈ মাটিৰ তলত পুতি থোৱা হয় ৷ এই ব্যঞ্জন খাবলৈ অতি সোৱাদ হয় । অসমৰ মেলেৰিয়া প্ৰধান অঞ্চলতো এই মাছ অতি জনপ্ৰিয়। ঘৰৰ বাহিৰেও হোটেলতো পোৱা যায় এই মাছৰ ব্যঞ্জন । উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাসকলৰ মতে এনে মাছ যিদৰে মেলেৰিয়াৰ বাবে যমৰাজ তেনেদৰেই কৰ’নাৰ ক্ষেত্ৰতো অধিক কাৰ্যকৰী।
আই চি এম আৰৰ তথ্য অনুসৰি নাগালেণ্ডত ২৩৮ জন আৰু মিজোৰামত ৮৯৬ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ কিন্তু দুয়োখন ৰাজ্যত এতিয়ালৈকে মৃত্যু হোৱা নাই এজনৰো ৷ ইফালে খাদ্যৰ ক্ষেত্ৰত দেখা যায় যে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে পূৰ্বৰ দৰে এনেদৰে মাছ পুতি খায়। এনে মাছৰ ব্যঞ্জন সুস্বাদু হয় ৷ লোকসকলৰ বিশ্বাস এই খাদ্য জীৱাণুনাশক। মাটিৰ তলত থকাৰ সময়ত এনে মাছৰ ৰাসায়নিক বিক্ৰিয়া হয়। অৱশ্যে ই কিমান দূৰ বিজ্ঞানসন্মত এতিয়াও সেই সন্দৰ্ভত কোনো পৰীক্ষা কৰা হোৱা নাই । তদুপৰি এই অঞ্চলত প্ৰদূষণৰ মাত্ৰা কম । আন্তৰাষ্ট্ৰীয় বিমানৰ ক্ষেত্ৰতো অঞ্চলটো কিছু একাষৰীয়া । এনে বহু বিষয়ে লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে কৰ’নাক জয় কৰাতো সহায় কৰিছে ।