আগতকৈ কৰ’নাত সংক্ৰমণ হ্ৰাস পাইছে দিল্লীত

স্বাস্থ্য মন্ত্ৰণালয়ে মংগলবাৰে কয় যে কৰ’না সংক্ৰমণৰ কাৰণে লোৱা পদক্ষেপবোৰে কৰ’নাক বহুখিনি ৰোধ কৰিব পাৰিছে । মহামাৰীৰ কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰা ৬ সপ্তাহৰ ভিতৰত দিল্লীত মাত্ৰ ২২.৮৬ জন লোক কৰ’নাত সংক্ৰমিত হৈছে । গতিকে দিল্লীবাসী আৰু চৰকাৰৰ সাৱধানতাত সংক্ৰমণ বৰ্তমান সীমিত হৈ পৰিছে ৷

কিন্তু দিল্লীত কৰ’নাৰ পৰা সম্পূৰ্ণ ৰক্ষা পোৱা নাই বুলি কৈছে নেশ্যনেল চেন্টাৰ ফৰ ডিজীজ কন্ট্ৰ’লৰ সঞ্চালক ডা° সুজীত কুমাৰ সিঙে ৷ আনহাতে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ আই এচ ডি ৰাজেশ ভূষণে কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিসংখ্যা হ্ৰাস কৰিবৰ কাৰণে কৰ’না পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজন ৷

Exit mobile version