বান বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিও কমা নাই বন্যকূলৰ দুৰ্দশা ৷ পানী কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে যদিও খাদ্য সংকট, আশ্ৰয়স্থলকে ধৰি নানা সমস্যাই যেন ভাৰাক্ৰান্ত কৰি তুলিছে বন্যপ্ৰাণীক ৷ এইবাৰৰ বানত কাজিৰঙাত এইপৰ্যন্ত মৃত্যু হৈছে বাৰটাকৈ গঁড়ৰ৷ ইয়াৰোপৰি পহু অজগৰ সাপকে ধৰি আন আন বন্যপ্ৰাণীসহ মুঠ ১২০টা বন্যপ্ৰাণীয়ে বৰ্তমানলৈকে মৃত্যুক সাৱটি লৈছে ৷ উদ্যানখনৰ বিস্তৃত বনভূমি এতিয়াও পানীৰ তলত থকাৰ লগতে ঠায়ে ঠায়ে বোকাৰ পলস পৰিছে ৷ ইয়াৰোপৰি পানীৰ তলত বুৰ গৈ আছে বন শিবিৰসমূহো ।
বহুকেইটা হাইলেণ্ডৰ উপৰিও কাৰ্বিপাহাৰৰ ওখ স্থানসমূহত আশ্ৰয় লৈ আছে বন্যকূলে ৷ বানৰ লগতে বানৰ কবলত পৰি পথ পাৰ হৈ কাৰ্বিপাহাৰলৈ যোৱাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত ১৬টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷ ইফালে, এটা পষেকৰ ভিতৰতে দুবাৰকৈ অহা কাজিৰঙাৰ বানত উদ্ধাৰ কৰা হৈছে পহু, গঁড় পোৱালিকে ধৰি ১৪৭টা বন্যপ্ৰাণী ৷ ইয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ, বাগৰি, কঁহৰা আৰু অগৰাতলিকে ধৰি চাৰিখনকৈ বনাঞ্চলৰ মুঠ ২২৩টা বন শিবিৰৰ ১০২টা বৰ্তমানেও পানীৰ তলত ৷
ইয়াৰে ৬টা বন শিবিৰ নিদিষ্ট স্থানৰ পৰা আন স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷ ইয়াৰ মাজতে বন্য জীৱকুলৰ মাজত চলিছে জীৱন ৰক্ষাৰ সংগ্ৰাম ৷ পানবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত ইতিমধ্যেই শুশ্ৰূষা কৰি থকা হৈছে হৰিণ, গঁড়পোৱালিকে ধৰি বানৰ কবলৰ পৰা উদ্ধাৰ হোৱা বহুসংখ্যক বন্যপ্ৰাণীৰ ৷ স্থানীয় লোকৰ লগতে বিভিন্ন দল সংগঠনেও সহায়ৰ হাত আগবঢ়াইছে বন্যপ্ৰাণী উদ্ধাৰ কাৰ্য্যত ৷