Rhino:
সুদীর্ঘ ছয়-সাত বছৰৰ পাছত সেউজীয়া আপোন ঘৰখনলৈ উভতি গ’ল চন্দ্ৰ আৰু কানাই। ২০২০-২১ তে প্রলয়ংকৰী বানে মাতৃৰ বুকুৰ পৰা বিচ্ছিন্ন কৰি অকলশৰীয়া কৰিছিল এই দুই কণমানিক। আৰু আজি পুনৰ আপোন ঘৰখনলৈ মুকলি মনেৰে ঢাপলি মেলিছে চন্দ্র আৰু কানাই। চন্দ্ৰ আৰু কানাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুটা কণমানি গঁড় পোৱালিৰ নাম। বানৰ কবলৰ পৰা উদ্ধাৰ কৰা চন্দ্ৰ, কানাই তেতিয়াৰে পৰাই কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত প্রতিপালিত হৈ আছিল।
চন্দ্ৰ আৰু কানাই নামৰ গঁড় পোৱালি দুটাক লৈ ব্যক্ত হৈ পৰিছিল কেন্দ্ৰটোৰ সকলো। সকলোৱে নাম ৰাখিছিল চন্দ্ৰ-কানাই। আজি সিঁহত দুয়োটা ডাঙৰ হ’ল। কৃত্রিম পদ্ধতিৰে দুগ্ধ পান কৰাই ডাঙৰ কৰা কণমানি পোৱালি দুটাই আজি নিজে ঘাঁহ খাব পৰা হ’ল। সেই বাবেই মুকলি কৰি দিয়া হ’ল বনত। উল্লেখ্য যে বানপানীৰ বল সোঁতত দিক-বিদিক হেৰুৱাই কণমানি পোৱালি দুটাই মাকৰ পৰা বিচ্ছিন্ন হোৱাৰ লগতে বঞ্চিত হৈছিল মাতৃ দুগ্ধ পানৰ পৰাও। পানীৰ সোঁতত উটি অহা পোৱালি দুটাক গাঁৱৰ মানুহৰ লগতে বিভাগীয় কর্তৃপক্ষই উদ্ধাৰ কৰি মাকৰ লগত লগ লগাই দিয়াৰ বাবে মাকৰ অনুসন্ধান কৰিছিল যদিও সন্ধান পোৱা নগ’ল মাকহঁতৰ। সেয়ে দুয়োকে প্ৰতিপালন কৰাৰ ব্যৱস্থা গ্রহণ কৰিছিল কেন্দ্ৰটোরে।
কেন্দ্ৰটোৰ কৰ্মীসকলে মাতৃ দুগ্ধৰ পৰা বঞ্চিত দুয়োকে বিকল্প ব্যৱস্থাৰ জৰিয়তে সময়ে সময়ে খুৱাবলৈ প্ৰাৰ লগতে প্রতিপালনৰো ব্যৱস্থা কৰে। প্ৰায় পাঁচটা বছৰ আপোন ঘৰখন হেৰুৱাই মানুহৰ লগত ডাঙৰ-দীঘল হোৱা চন্দ্ৰ আৰু কানায়ে আজি নিজে নিজৰ খাদ্য বিচাৰি খাব পৰা হ’ল। সেইবাবেই বিভাগীয় কর্তৃপক্ষই সিহঁতক নিজ ঘৰখনলৈ উভতাই পঠিওৱাৰ কথা চিন্তা কৰিলে। আজি পাঁচ বছৰৰ পাছত পুনৰ ঘৰমুৱা হ’ল চন্দ্ৰ-কানাই। এয়াও যেন এক উৎসৱ। বন বিভাগৰ লোকে দুয়োকে নি আজি বনত মুকলি কৰি দিয়ে। অৱশ্যে কিছুদিন নিজৰ নজৰত ৰখাৰ ব্যৱস্থা কৰাৰ কথাও প্রকাশ কৰে বন বিভাগে।



































