সমগ্ৰ দেশেই সম্প্ৰতি কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছে ৷ সমগ্ৰ দেশত প্ৰায় ডেৰ কোটি লোক কৰ’নাত আক্ৰান্ত হৈছে । প্ৰায় ছয় লাখ লোকে প্ৰাণ হেৰুৱাইছে কৰ’নাত ৷সকলোৰে এতিয়া লক্ষ্য কৰিছে কৰ’নাৰ ভেকচিন তৈয়াৰ কৰা গৱেষণা কৰা কেন্দ্ৰসমূহক । ইতিমধ্যে অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে কৰ’না ভাইৰাছৰ ভেকচিনৰ মানৱ দেহত সফল পৰীক্ষণৰ সন্দৰ্ভত ভাল খবৰটো লৈ আহিছে ৷ যদি ভেকচিনৰ সকলো পৰীক্ষা
এই সন্দৰ্ভত পুনেৰ চিৰাম ইনষ্টিটিউটত অৱ ইণ্ডিয়াৰ চিইঅ’ অদাৰ পুনেৱালাই কয় “ভেকচিন পৰীক্ষণ পৰীক্ষাত সফলতা লাভ কৰিলেও ইয়াৰ কাৰণে প্ৰমাণ লাগিব যে সচাঁকৈয়ে ভেকচিনে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পাৰিব নে নাই । পুনেৱালাই কয় যে ভেকচিন ভিন্ন মানুহৰ দেহত পৰীক্ষণ কৰা হ’ব । আৰু গৱেষণা কৰা হ’ব ভেকচিনে বিভিন্ন লোকৰ শৰীৰত কেনেদৰে ক্ৰিয়া কৰিব ৷ অক্সফৰ্ড ইউনিভাৰ্চিটি আৰু ঔষধ নিৰ্মাতা কোম্পানী এষ্ট্ৰাজেনেকা যৌথ প্ৰয়াসত তৈয়াৰ হোৱা ক’ভিড-১৯ ভেকচিনটোৰ নাম Covishield ৷
যদি Covishield ৰ পৰীক্ষা সফল হয় তেন্তে বজাৰত উপলব্ধ হ’ব এই ঔষধ ৷ আনহাতে কোম্পানীয়ে তৈয়াৰ কৰা এই ভেকচিনৰ ৫০ শতাংশ কেৱল ভাৰতৰ কাৰণেই ৰাখিব ৷ বাকী ঔষধ বিশ্বৰ বিভিন্ন প্ৰান্তক প্ৰদান কৰিব ৷ আনহাতে ভাৰতত এই ভেকচিনৰ মূল্য হ’ব প্ৰায় এক হাজাৰ টকা । পুনাৱালাৰ মতে ভেকচিনৰ বিতৰণ আৰু প্ৰডাকচনত চৰকাৰৰ সহযোগ অনিবাৰ্য হ’ব।






























