- আন্তঃজিলা ভ্ৰমণ প্ৰসংগত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্য সচিবে ৷ ৩০ আৰু ৩১ জুলাইত ৰাজ্যবাসীয়ে কৰিব পাৰিব আন্তঃজিলা ভ্ৰমণ । অৱশ্যে কনটেইনমেন্ট জ’নৰ বাদে আন স্থানবোৰৰ বাবেহে এই নিৰ্দেশ দিয়া হৈছে ।
- জি এম চি ৰ কেন্সাৰ হাস্পতালত মুকলি হ’ল আণৱিক জীৱ বিজ্ঞান পৰীক্ষাগাৰ ৷ এই পৰীক্ষাগাৰ মুকলি কৰিছে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । লগতে বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত কেন্সাৰ ৰোগীসকলৰ কাৰণে ১৪ সংখ্যক লেব মুকলি কৰা হয়।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা পাঁচ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব ৷ এই কথা সদৰী কৰিছে ৰামজন্মভূমিৰ ন্যাসৰ কোষাধ্যক্ষ স্বামী গোবিন্দ দেৱ গিৰীয়ে ৷ অনুষ্ঠানটোত থাকিব ১৫০ গৰাকী আমন্ত্ৰিত অতিথি ৷
- বিশ্ব বিখ্যাত আলোচনী ফ’ৰ্বছে প্ৰকাশ কৰা বিশ্ব ধনী ব্যক্তিৰ তালিকাৰ পঞ্চম স্থানত আছে মুকেশ আম্বানি ৷ আম্বানিৰ সম্পত্তিৰ পৰিমাণ হ’ল প্ৰায় ৭৫ বিলিয়ন মাৰ্কিন ডলাৰ ৷ আনহাতে তৈলখণ্ডৰ পৰা আৰম্ভ কৰি টেলিকম খণ্ডলৈ সমানে আধিপত্য বিস্তাৰ কৰি আছে ৷
- পূৰ্বৰ অভিলেখ ভংগ কৰি বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৪৫ হাজাৰ ৭২০ গৰাকী লোক ৷ মৃত্যু হৈছে ১,১২৯ গৰাকী ৷ ইফালে দেশত মুঠ আক্ৰান্তই ১২ লাখৰ ঘৰ অতিক্ৰম কৰিছে ৷ সম্প্ৰতি কৰ’নাত আক্ৰান্তৰ সংখ্যাই ব্ৰাজিল, ইটালী সদৃশ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে বিভিন্নলোকে ৷
ADVERTISEMENT