কৰ’না নিগেটিভ অহাৰ খবৰ নসাৎ কৰিলে বিগ বি অমিতাভ বচ্চনে

Amitabh Bachchan 1200 1

বলীউডৰ বিগ বি অমিতাভ বচ্চনে কৰ’নাৰ পৰীক্ষা ফলাফল নিগেটিভ অহাৰ খবৰ নসাৎ কৰিছে ৷ অমিতাভ বচ্চনে টুইট কৰি কৈছে যে “এইয়া সম্পূৰ্ণ মিছা, ভিত্তিহীন” ৷ উল্লেখযোগ্য যে বলীউডৰ অভিনেতা অমিতাভ বচ্চন ১১ জুলাইত কৰ’নাত আক্ৰান্ত হৈ মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আজি ছ’চিয়েল মিডিয়াত প্ৰকাশিত খবৰ অনুসৰি কৰ’নাৰ সংক্ৰমণক প্ৰতিহত কৰি সম্পূৰ্ণ সুস্থ হৈ উঠিল অমিতাভ বচ্চন ৷ ইয়াৰ পিছত অমিতাভ বচ্চনে টুইট কৰি নিজৰ স্বাস্থ্যৰ বিষয়ে স্পষ্টীকৰণ দিয়ে ।

ইফালে জয়া বচ্চনৰ বাহিৰে সম্পূৰ্ণ বচ্চন পৰিয়াল সম্প্ৰতি মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ অমিতাভ বচ্চনৰ পিছত পুত্ৰ অভিষেক বচ্চন ১১জুলাইৰ নিশা আৰু ঐশ্বৰ্য ৰায়, আৰাধ্যাৰ শৰীৰত ১২ জুলাইত কৰ’নাৰ লক্ষণ দেখা দিয়ে । মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ঐশ্বৰ্য আৰু আৰাধ্যা সম্প্ৰতি সুস্থ হৈ উঠিছে ৷

Exit mobile version