- কৰ’না সংকটৰ মাজতে অপ্ৰতিৰোধ্য হিমা দাসৰ অৰ্জন । এছিয়ান গেমচত হিমাই লাভ কৰা ৰূপৰ পদকটো স্বৰ্ণ পদকলৈ উন্নীত কৰা হৈছে ৷ এই খবৰে উৎফুল্লিত কৰিছে ক্ৰীড়াপ্ৰেমীক ।
- চীন আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাত চীনৰ চাৰিগৰাকী গৱেষকৰ বিৰুদ্ধে আনিছে ভিছা জালিয়াতি ৷ দেশখনৰ এফ বি আইয়ে চাৰিগৰাকী গৱেষকৰ বিৰুদ্ধে এই অভিযোগ আনে ৷ ইতিমধ্যে তেওঁলোকৰ তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে ।
- কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ সময়তে ভাৰতলৈ আহিছে ইজৰাইলৰ বিজ্ঞানী ৷ এই বিজ্ঞানীসকলে ভাৰতৰ স’তে যৌথভাৱে কাম কৰিব । আৰু এনে এটা কিট প্ৰস্তুত কৰিব যাৰ দ্বাৰা ৩০ ছেকেণ্ডৰ ভিতৰত মানৱ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰিব ।
- প্ৰতি দিনে অসমত সলনি হৈছে কৰ’নাৰ প্ৰেক্ষাপট ৷ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭০ গৰাকীলৈ বৃদ্ধি পালে ৷ টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
- বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ । যাৰ কাৰণে সম্প্ৰতি প্ৰশাসনে ফেৰীসেৱা বন্ধ কৰি ৰাখিছে । বৰ্তমান ৰাজ্যৰ ২৭ খন জিলা পানীৰ তলত ৷বানপানীয়ে হাজাৰ হাজাৰ খেতি পথাৰ নষ্ট কৰাৰ লগতে প্ৰায় ১০ লাখ পশুধনৰ মৃত্যু হৈছে ৷
ADVERTISEMENT