বিশ্বজুৰি অব্যাহত থকা কৰ’নাৰ আতংকৰ বিপৰীতে এই ভাইৰাছ প্ৰতিৰোধী প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতকে ধৰি কে’বাখনো দেশে ব্যাপক অগ্ৰগতি লাভ কৰিছে ৷ এই দৌৰত শেহতীয়াকৈ আগত আছে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সম্ভাব্য প্ৰতিষেধক এ জে ডি ১২২ ৷ সকলো ঠিকে ঠাকে থাকিলে অহা নৱেম্বৰত ভাৰতত ৩০ ৰ পৰা ৪০ লাখ প্ৰতিষেধক বজাৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশ্বৰ বৃহত্তম প্ৰতিষেধক উৎপাদক প্ৰতিষ্ঠান পুনেৰ ছেৰাম ইনষ্টিটিউটে ৷ তদুপৰি ২০২১ ৰ প্ৰথম চাৰিমাহৰ ভিতৰত ৪০ কোটি পৰ্যন্ত এই প্ৰতিষেধক বজাৰলৈ আহিব বুলি দাবী কৰিছে ছেৰামৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই ।
ইপিনে সম্পূৰ্ণ ভাৰতীয় সম্ভাব্য প্ৰতিষেধক ভাৰত বায়’টেক আৰু আই চি এম আৰে যৌথভাৱে প্ৰস্তুত কৰা কোভাক্সিন অহা ১৫ আগষ্টত বজাৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ ইয়াৰ উপৰি বিশ্বৰ আন কে’বাখনো দেশেও কৰ’নাৰ প্ৰতিষেধক উদ্ভাৱন অগ্ৰগতি লাভ কৰিছে ৷ কৰ’নাৰ সন্ত্ৰাসত সন্ত্ৰষ্ট বিশ্বৰ প্ৰতিজন লোক এতিয়া অন্তত এপালি প্ৰতিষেধক বজাৰলৈ অহাৰ অধীৰ আগ্ৰহেৰে ৰৈ আছে । আজি বিশ্ব স্বাস্থ্য সংস্থাই সকলোকে হতাশ কৰি কয় যে চলিত বৰ্ষৰ ভিতৰত তেনে আশা নকৰাই ভাল । ২০২১ ৰ আগভাগলৈহৈ বিশ্বই কৰ’না প্ৰতিষেধক লাভ কৰাৰ সম্ভাৱনা আছে ।