বিগত কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেদি বৈ থকাৰ বাবে আজাৰা ৰাজহ চক্ৰ এলেকাৰ দীপৰ বিলৰ পানীভাগ ওফন্দি উঠিছে । ফলত দীপৰ বিলৰ উত্তৰ দিশৰ খানামুখৰ হাওৰাপাৰৰ পৰা আজাৰাৰ বৰবৰীলৈ এক বৃহৎ অঞ্চল তিনি-চাৰিদিন ধৰি বানত বুৰ গৈ আছে । ইয়াৰ ভিতৰত খানামুখ হাওৰা পাৰৰ প্ৰায় ৩০ টা, আজাৰাৰ বৰবৰী, কেওটপাৰা, দেউৰীপাৰা, ঠাকুৰীয়াপাৰাৰ প্ৰায় ৯০ টা পৰিয়াল জলবন্দী হৈ থাকিবলগীয়া হৈছে ।
সমান্তৰালভাৱে ধাৰাপুৰ চাৰিআলি বজাৰ, ধাৰাপুৰৰ পৰা আজাৰা সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ ঠায়ে ঠায়ে জলমগ্ন হৈছে । ইয়াৰোপৰি মিৰ্জাপুৰ, কাঁহিকুছি অঞ্চলৰো কিছু কিছু এলেকা বানত বুৰ গৈছে ৷ ইফালে এটা মাহৰ ভিতৰত দুবাৰকৈ বানৰ সম্মূখীন হোৱাৰ বাবে মানুহৰ লগতে পোহনীয়া পশুধন সমূহৰ আলাই আথাঁনি হোৱা পৰিলক্ষিত হৈছে । প্ৰথমবাৰ বানৰ কবলত পৰা পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰ এলেকাত চলিত জুলাই মাহৰ প্ৰথম সপ্তাহত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত পশুধনৰ গৰাকীৰ মাজত পশুখাদ্য বিতৰণ কৰা হৈছিল ।
ফলত পশুপালকসকলে বহুখিনি সকাহ পাইছিল । আনহাতে এটা মাহতে দুবা -তিনিবাৰ বানৰ মুখামুখি হোৱা বাবে বহু কৃষকে পথাৰত ভূঁই ৰোৱাকে ধৰি কৃষি-কৰ্ম কৰিব পৰা নাই বুলি জানিব পৰা গৈছে । ইফালে দীপৰ বিলৰ পানীভাগ খানা নৈৰে ব্ৰহ্মপুত্ৰলৈ ওলাই নোযোৱা পৰ্যন্ত অঞ্চলটো জলমগ্ন হৈ থকাটো নিশ্চিত হৈ পৰিছে ৷ কিয়নো ইতিমধ্যে জল সম্পদ বিভাগে খানা নৈৰ গেট বন্ধ কৰি ৰাখিছে৷