- ভাৰত চীন সীমান্তৰ উত্তেজনাৰ পিছতে ৫৯ টা চীনা এপ নিষিদ্ধ কৰাৰ পিছত এইবাৰ ভাৰতে সাজু কৰিছে Pubg কে আদি কৰি প্ৰায় ২৭৫ টা এপৰ তালিকা ৷ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ইউজাৰ প্ৰাইভেচিৰ দিশৰ তালিকা এই ক্ষেত্ৰত পৰীক্ষা কৰি চোৱা হ’ব ৷
- অসমত পুনৰ কৰ’নাত সাত গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ ইয়াৰ লগে লগে অসমত ক’ভিড১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৮৬ লৈ বৃদ্ধি পাইছে । আনহাতে অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছে ৩২,২২৮ জন ৷ সুস্থ হৈ উঠিছে ৮১০৬ জন ৷
- এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ অনুৰোধ কৰি ভাৰতে উত্তৰ কোৰিয়ালৈ ১০ লাখ টকাৰ মূল্যৰ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে ৷ এই কথা সদৰী কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে ৷ কৰ’না মহামাৰীৰ সময়ত উত্তৰ কোৰিয়াৰ স’তে ভাৰতৰ মিত্ৰতাই চৰ্চা লাভ কৰিছে ৷
- কৰ’না ভাইৰাছৰ প্ৰতিৰোধ বাবে দিয়া লকডাউনৰ সময়তে অহা ১ আগষ্টৰ পৰা জাৰি কৰা হ’ব আনল’ক ৩ ৷ এই সময়ত ৫০শতাংশ দৰ্শকেৰে চিনেমা হ’ল খোলাৰ লগতে খুলিব পাৰিব জিম ৷ অৱশ্যে চৰকাৰী নীতি নিৰ্দশনাসমূহ মানি চলিব লাগিব জনসাধাৰণে ৷
- গুৱাহাটীত জাৰি কৰা হৈছে ১৪৪ধাৰা ৷ অসম আৰক্ষীয়ে জাৰি কৰা এই নিৰ্দেশনাত কোৱা হৈছে যে মাৰণাস্ত্ৰ লৈ কোনো লোক ফুৰিব নোৱাৰিব । লগতে উচ্চস্বৰত সংগীত আৰু ৰাজপথত শ্ল’গান দিব নোৱাৰিব ৷ একাংশই তলাবন্ধৰ নীতি নিয়ম ভংগ কৰাৰ কাৰণে অসম আৰক্ষীয়ে এই সিদ্ধান্ত হাতত লৈছে ।
- কৰ’নাৰ কাৰণে সম্প্ৰতি বন্ধ হৈ থকা ৰাজ্যৰ স্কুল কলেজসমূহ অহা ছেপ্তেম্বৰৰ পৰা খোলাৰ পৰিকল্পনা কৰিছে শিক্ষা বিভাগে ৷ আগষ্টৰ মাহৰ ভিতৰত কৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণ হ’লে ছেপ্তেম্বৰত হ’ব পাঠদান।
ADVERTISEMENT