ৰামমন্দিৰৰ ২০০০ফুট তলৰ গভীৰতাত থাকিব ‘টাইম কেপচুল’ : য’ত লিপিবদ্ধ থাকিব ৰামমন্দিৰৰ ইতিহাস

gdfvcb

ভৱিষ্যতে অযোধ্যাৰ ‘ৰামমন্দিৰ’ৰ ভূমি কলৈ যাতে আৰু কোনো বিবাদ নহয় তাৰ পৰিপ্ৰেক্ষিতত ৰামমন্দিৰৰ ২০০০ ফুট তলৰ গভীৰতাত স্থাপন কৰা হ’ব ‘টাইম কেপচুল’ । য’ত লিপিবদ্ধ থাকিব ৰামমন্দিৰৰ ইতিহাস। লগতে থাকিব ৰামমন্দিৰৰ লগত জড়িত বহু তথ্য । এই কথা সদৰী কৰিলে ‘ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট’ ৰ সদস্য কামেশ্বৰ চৌপালে । তেওঁ জনায় যে “ৰাম মন্দিৰকলৈ চলা সংঘৰ্ষ আৰু ছুপ্ৰিম ক’ৰ্টত চলা দীর্ঘদিনীয়া বিচাৰে বৰ্তমানৰ আৰু ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এটা নতুন শিক্ষা দিলে । সেইবাবে ৰামমন্দিৰৰ ২০০০ ফুট গভীৰতাত এটা ‘টাইম কেপচুল’ ৰখা হ’ব, যাৰ দ্বাৰা ভৱিষ্যতে ৰাম মন্দিৰৰ ইতিহাস কোনোৱে যদি অধ্যয়ন কৰিবলৈ বিচাৰে তেতিয়া ৰাম জন্মভূমিৰ লগত জড়িত সকলো তথ্য ইয়াতে পাব আৰু নতুন একো বিবাদো আৰম্ভ নহ’ব “। লগতে তেওঁ জনাই যে এটা তাম্ৰ পাত্ৰৰ ভিতৰত ‘টাইম কেপচুল’ টো ভৰাই ৰখা হ’ব ।

উল্লেখ্য যে অহা ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন কৰিব । ভূমি পূজনৰ বাবে দেশৰ কে’বাখনো পবিত্ৰ নদীৰ পৰা পানী আৰু কে’বাখনো পবিত্ৰ তীৰ্থৰ পৰা মাটি অনা হ’ব ।পবিত্ৰ পানীৰে ভূমি পূজনৰ অভিষেক কৰা হ’ব । এই সমাৰোহত দেশৰ কে’বাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী উপস্থিত থাকিব । এই ভূমি পূজন দেৱালীৰ দৰেই পালন কৰাৰ যো-জা চলিছে । ভূমি পূজনৰ দিনা সমগ্ৰ দেশতে আয়োজন কৰা হ’ব পোহৰৰ উৎসৱ । প্ৰত্যেক গৃহতে আৰু প্ৰতিটো মন্দিৰতেই মাটিচাকি-মমবাটি পোহৰেৰে হৈ উঠিব আলোকিত ।

Exit mobile version