দেশত ধৰ্মক লৈ চলি থকা বিবাদৰ পৰা আঁতৰি শান্তিৰ পথৰ সন্ধানত আঠশ কিলোমিটাৰ পথ খোজকাঢ়ি অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজাত উপস্থিত হ’বলৈ আগবাঢ়িছে এজন মুছলমান যুৱক । ৰাণী কৌশল্যাৰ জন্মস্থান হিচাপে পৰিচিত চত্তিছগড়ৰ চন্দখুৰী গাঁৱৰ যুৱক ফৈয়াজ খান ইছলাম ধৰ্মাৱলম্বী হ’লেও শৈশৱৰে পৰাই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ভক্ত । তেওঁৰ পূৰ্বপুৰুষ আছিল হিন্দু ধৰ্মাৱলম্বী । ফৈয়াজে পাঁচ আগষ্টত হ’বলগীয়া ৰাম মন্দিৰৰ ভূমিপূজনত উপস্থিত হ’বলৈ অবিৰামভাৱে খোজ কাঢ়িছে অযোধ্যালৈ ।
যুৱকজনে এই সন্দৰ্ভত কয়, “ধৰ্ম অনুসৰি মই মুছলমান । তথাপি প্ৰভু ৰামচন্দ্ৰৰ ভক্ত । আমাৰ পূৰ্বপুৰুষ হিন্দু আছিল । ভাৰতৰ প্ৰকৃত দেৱতা হিচাপে ৰামচন্দ্ৰকেই গণ্য কৰো । ধৰ্ম বিভাজন বাহিৰৰ পৰাহে কৰা হয় ।”
সম্প্ৰতি যুৱকজন পদব্ৰজে আহি আহি মধ্যপ্ৰদেশৰ অমুপপুৰত উপস্থিত হৈছে ।