ৰাম মন্দিৰৰ ভূমি পূজন প্ৰত্যক্ষ কৰিবলৈ নিউয়ৰ্কৰ বিলবৰ্ডত বিশেষ কাৰ্যসূচীৰ আয়োজন

TH30Mohun

অহা পাঁচ আগষ্টত হ’ব অযোধ্যাৰ ৰামমন্দিৰৰ ভূমি পূজন ৷ এই ভূমিপূজনত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আনহাতে, আমেৰিকাৰ নিউয়ৰ্কস্থিত বিলবৰ্ডত মন্দিৰৰ মডেল আৰু শ্ৰীৰামৰ ফ’টোগ্ৰাফ দেখিবলৈ পোৱা যাব । ইয়াৰ কাৰণে সম্প্ৰতি আমেৰিকাত প্ৰস্তুতি তুংগত উঠিছে । আমেৰিকাৰ ইণ্ডিয়ান প্লাবিক এফেয়াৰ অধ্যক্ষ জগদীশ চেবহানীয়ে কয় “প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাৰ এই ঐতিহাসিক মন্দিৰটোৰ ভূমি পূজন কৰিব । গতিকে আমিও এই ঐতিহাসিক মূহুৰ্তটোৰ সাক্ষী হৈ ৰ’ব বিচাৰো ।”

আনহাতে পাঁচ আগষ্টৰ পুৱা ৮ বজাৰ পৰা বিয়লি ১০ বজালৈকে হিন্দী আৰু ইংৰাজীত জয় শ্ৰী ৰাম, ভগৱান ৰামৰ ছবি আৰু ভিডিঅ’, মন্দিৰৰ ডিজাইন আৰু আৰ্কিটেক্সাৰৰ ৩ ডি ইমেজ বিলবৰ্ডত দেখুওৱা হ’ব । যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰৰ পূজনত অংশ ল’ব তেতিয়া তেওঁৰ ফ’টোও ইয়াত দেখুওৱা হ’ব । এই সময়ত বিলৱৰ্ডত উপস্থিত থাকিব ভাৰতীয়মূলৰ লোক ৷ লগতে জগদীশ চেবহানীয়ে কয় যে এইয়া সমগ্ৰ মানৱ জাতিৰ কাৰণে ঐতিহাসিক দিন । এইসময়ক ঐতিহাসিক কৰিব তুলিবলৈ আমি টাইম স্কোৱাৰৰ সহায় লৈছো ৷” প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতবাসীৰ সপোন দিঠক হ’বলৈ গৈ আছে ।

উল্লেখযোগ্য যে পাঁচ আগষ্টত হ’ব লগা অযোধ্যাৰ ভূমি পূজনৰ প্ৰাকক্ষণত মন্দিৰৰ পূজাৰী আৰু ১৬জনকৈ আৰক্ষীৰ দেহত পোৱা গৈছে ক’ভিড-১৯ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাগ ল’ব লগা ভূমি পূজনৰ আগতেই মহামাৰী কৰ’নাত আক্ৰান্ত হোৱা ঘটনাই চিন্তিত কৰিছে মন্দিৰৰ কৰ্তৃপক্ষক ।আনহাতে কৰ’নাত আক্ৰান্ত হোৱা পূজাৰীজন হৈছে আচাৰ্য সতেন্দ্ৰ দাসৰ শিষ্য প্ৰদীপ দাস । তেওঁ ৰাম মন্দিৰৰ সহকাৰী পূজাৰী । সম্প্ৰতি ৰাম মন্দিৰৰ ভূমি পূজনক লৈ অযোধ্যাত প্ৰস্তুতি তুংগত । কিন্তু কৰ’নাই চৰকাৰ আৰু প্ৰশাসনৰ কাম-কাজত বিধি পথালি দিছে ৷ ইপিনে বুধবাৰে পূজাৰী আৰু ১৬ জন পুলিচ কৰ্মীক লৈ মুঠ ৬৬ জনৰ দেহত কৰ’নাৰ উপস্থিতি পোৱা গৈছে।

Exit mobile version