সমাগত ইছলাম ধৰ্মীলোকসকলৰ ঈদ ৷ সম্প্ৰতি কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে । সেয়েহে পবিত্ৰ ঈদত যাতে কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে সকলো নীতি নিয়ম জনসাধাৰণে মানি চলিব পাৰে তাৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই কেইটামান নীতি নিয়ম জাৰি কৰিছে ৷ সেই অনুসৰিঃ
১. ঈদৰ অনুষ্ঠান মুকলি ঠাইত অনুষ্ঠিত কৰিব লাগিব ৷
২. ঈদৰ সময়সীমা সীমিত কৰিব লাগিব ৷
৩. ঈদৰ অনুষ্ঠানৰ পৰিসৰ যিমান পাৰি সীমিত কৰিব লাগিব ৷
৪. অনুষ্ঠানত অংশগ্ৰহণ কৰা লোকৰ সংখ্যাও হ’ব লাগিব সীমিত।
৫. কোনো ব্যক্তিৰ অসুস্থতাৰ সম্ভেদ পালে৷সেই বিষয়ে আগতীয়াকৈ অৱগত হোৱা ।
৬. এজনে আনজনৰ লগত হোৱা কনটেক্ট ট্ৰেছিং হোৱা।
৭. এজনে আনজনৰ লগত সামাজিক দূৰত্ব বৰ্তাই ৰখা।