কৰ’নাৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিততে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে এই সম্পৰ্কত শিক্ষাবিদ, চিন্তাশীল ব্যক্তি, অভিভাৱক তথা ৰাইজৰ মতামত বিচাৰিব চৰকাৰে। ক’ভিড পৰিস্থিতিক লৈ পৰ্যালোচনাৰ বাবে ইতিপূৰ্বে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ পৰামৰ্শৰ ভিত্তিতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে । ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনাৰ বাবে ডিজিটেল পদ্ধতিৰে অনুষ্ঠিত কৰা ৰাজ্যিক টাস্ক ফ’ৰ্চৰ বৈঠকৰ অন্তত শিক্ষা বিভাগৰ এক সূত্ৰই সদৰী কৰি জনোৱা মতে, অতিমাৰী কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে যোৱা ১৬ মাৰ্চৰ পৰা শিক্ষানুষ্ঠান সমূহত বন্ধ কৰি থোৱা হৈছে পাঠদান । চলিত শিক্ষাবর্ষ যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩১ আগষ্টৰ পিছত শিক্ষানুষ্ঠানসমূহত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সেউজীয়া সংকেত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
অৱশ্যে সংশ্লিষ্ট ৰাজ্যচৰকাৰসমূহক এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবেও কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ দিছে। অৱশ্যে ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে টাস্ক ফৰ্চে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকে । অহা ৩১ আগষ্টৰ ভিতৰত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সম্ভাৱনা থকা বুলি স্বাস্থ্য বিশেষজ্ঞ সকলে সময়ে সময়ে মতামত প্ৰকাশ কৰি আহিছে । বাস্তৱ ক্ষেত্ৰতো যদি সঁচা অৰ্থত আগষ্টৰ ভিতৰত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পায় তেন্তে অহা ১৫ ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ প্ৰথম সপ্তাহৰ ভিতৰত ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ।