চিনেমাৰ কায়দাৰে পুনৰ ৰাজধানী মহানগৰীৰ সংঘটিত হ’ল অপহৰণ কৰি ধন লুটৰ ঘটনা | মহানগৰ আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে সাতগাঁৱৰ এজন যুৱকক শুক্ৰবাৰে বিয়লি সাতজনীয়া এটা যুৱকৰ দলে অপহৰণ কৰি নি গুগল পে’ৰ জৰিয়তে ৯৭ হেজাৰ আৰু নগদ তিনি হেজাৰ টকা লুট কৰি নিয়াৰ অভিযোগ পাইছে আৰু নুনমাটি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে |
ভুক্তভোগী হিমাংশু আগৰৱালা নামৰ যুৱকজনে আৰক্ষীৰ আগত সদৰী কৰা মতে তেওঁ নিজৰ বাহনেৰে ঘৰলৈ গৈ থকা সময়ত এখন বাহনে আগভেটি ধৰে আৰু গাড়ীত ভৰাই নুনমাটিৰ এটা গৃহত বন্দী কৰি পাঁচ লাখ টকা দাবী কৰে |
যুৱকজনে ইমান টকা দিবলৈ সামৰ্থ্য নাই বুলি কোৱাত যুৱকৰ দলটোৰ এজনৰ হাতত থকা পিষ্টলৰ জৰিয়তে গুলি ফুটাই মৃত্যুৰ ভাবুকি দিয়ে | নিজৰ জীনৱ বছাবলৈ যুৱকজনে গুগল পে’ৰ জৰিয়তে ৯৭ হেজাৰ সংগ্ৰহ কৰি লগত থকা নগদ তিনিহেজাৰসহ মুঠ এক লাখ দলটোক দিয়াৰ পাছতে মুক্তি কৰি দিয়ে | ঘটনাৰ সংক্ৰান্তত যুৱকজনে নুনমাটি আৰক্ষী থানাত এক এজেহাৰ দিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |