কৰ’নাত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ ৰোষত পৰিল বলীউডৰ বিগ বি অমিতাভ বচ্চনঃ কিন্তু কিয়?

amitabh bachchan 759 1

বলীউডৰ চিৰ সেউজ অভিনেতা অমিতাভ বচ্চন কৰ’নাত আক্ৰান্ত হোৱাৰ সময়তে এগৰাকী মহিলাৰ ৰোষত পৰিছে। দৰাচলতে মুম্বাইৰ নানাৱতী চিকিৎসালয়ত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিগ বি অমিতাভ বচ্চন। সম্প্ৰতি বলীউডৰ অভিনেতাজন সুস্থ হৈ বিগ বিৰ বাসগৃহ জলসা”ত কোৱাৰেন্টাইন হৈ আছে ৷

নানাৱতী হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাত অমিতাভ বচ্চন বিভিন্ন সমালোচনাৰ সন্মুখীন হয় যদিও সমালোচনাকাৰীক উচিত প্ৰত্যুতৰ দিয়ে ৷ কৰ’নাত আক্ৰান্ত হৈ নানাৱতী হস্পিতালত চিকিৎসাধীন হৈ থাকোতে অমিতাভ বচ্চনে চিকিৎসালয়খনৰ নাৰ্চ,চিকিৎসকৰ শুশ্ৰুষাত অভিভূত হৈ ধন্যবাদ জ্ঞাপন কৰিছিল। ইয়াৰ পিছতে কিছুসংখ্যক সমালোচকে অমিতাভ বচ্চনক নানাৱতী চিকিৎসালয়ৰ বিজ্ঞাপন দিয়াৰ কথা কৈ কটাক্ষ কৰে ৷

ইফালে এগৰাকী মহিলাই ছ’চিয়েল মিডিয়াত নানাৱতী হস্পিতালৰ ওপৰত অভিযোগ দি কয় যে চিকিৎসালয়খনে তেওঁৰ পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা কৰিছিল। ইয়াৰ পিছত বিগ বি অমিতাভ বচ্চনৰ সমালোচনা কৰি কয় ” শ্ৰী মান অমিতাভ,সচাকৈয়ে এইয়া বহুত দুখৰ কথা যে মানুহৰ জীৱনৰ ওপৰত খেলা কৰা এখন চিকিৎসালয়ক লৈ আপুনি বিজ্ঞাপন কৰিছে ৷চিকিৎসালয়খনে কেৱল পইচা উপাৰ্জন কৰিব বিচাৰে ৷ক্ষমা কৰিব,আপুনি সন্মান সম্পূৰ্ণ ৰূপে হেৰুৱাই পেলালে।”

আনহাতে অমিতাভ বচ্চনে মহিলা গৰাকীক উদ্দেশ্যি লিখে “আপোনাৰ পিতৃৰ সমস্যাৰ বিষয়ে জানি মই দুঃখিত৷ মইও কম বয়সৰ পৰাই চিকিৎসালয়ত আহি থাকো ৷মই দেখিছো যে চিকিৎসক,নাৰ্চ কেনেকৈ ৰোগীসকলৰ প্ৰতি দায়বদ্ধ। মই নানাৱতীৰ কাৰণে বিজ্ঞাপন দিয়া নাই ।মই নানাৱতীৰ পৰা পোৱা সেৱাৰ কাৰণে তেওঁলোকক ধন্যবাদ দিছো । বৰঞ্চ মই জীৱনত চিকিৎসাধীন হোৱা প্ৰত্যেকখন হস্পিতালক ধন্যবাদ জ্ঞাপন কৰিম ।আপুনি মোৰ কাৰণে সন্মান হেৰুৱালে ৷কিন্তু মই জীৱনত চিকিৎসক ,নাৰ্ছসকলক কেতিয়াও সন্মান দিবলৈ নাপাহৰো ।সম্প্ৰতি ছ’চিয়েল মিডিয়াত অমিতাভ বচ্চনৰ এই প’ষ্ট ভাইৰেল হৈ পৰিছে৷

Exit mobile version