ড্ৰেগন ফল, বগৰীৰ খেতিৰে স্বাৱলম্বী হ’ব পাৰে নতুন প্ৰজন্ম

ce80fc11 7c9d 4b9c 8d7b 7cc5d5c5155a

বহিঃৰাষ্ট্ৰত অধিক জনপ্ৰিয় হিচাপে পৰিগণিত হোৱা এবিধ ফল হৈছে ড্ৰেগন ফল। অত্যাধিক চাহিদাযুক্ত এই ফলৰ খেতি বৰ্তমান ভাৰতৰ বিভিন্ন প্ৰান্ততো আৰম্ভ কৰা দেখা গৈছে। কম মাটিতে নিম্ন মূলধন ব্যয়ৰে কৰা এনে ফলৰ খেতিৰে এতিয়া অৰ্থ উপাৰ্জনৰ পথ দেখিছে বহু কৃষকে। অসমৰ বজাৰতো ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা দেখা গৈছে ড্ৰেগন ফল। খুচুৰা বজাৰত প্ৰতিকেজি এনে ফলৰ মূল্য হৈছে ৪০০-৪৫০ টকা পৰ্যন্ত।

ওদালগুৰিৰ ভিন্ন প্ৰান্ততো এতিয়া একাংশ কৃষক জৰিত হৈ পৰিছে ড্ৰেগন ফলৰ খেতিত। এনে খেতিৰে স্বাৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰিছে ৰৌতাৰ গেৰুৱা গাঁৱৰ এজন শিক্ষকে। লাইলুং পাৰা হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক জনৰ নাম হৈছে চন্দন দৈমাৰী। পেছাত এগৰাকী শিক্ষক হলেও কৃষিৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ ১৪ বিঘা মাটিত অন্য প্ৰজাতিৰ বগৰী খেতিৰ লগতে ৩-৪ বিঘা মাটিত ড্ৰেগন খেতি পোন প্ৰথম বাৰৰ বাবে আৰম্ভ কৰিছে। মাত্ৰ ৮০ হাজাৰ টকা খৰছ কৰি পশ্চিমবংগৰ পৰা ফলবিধৰ বীজ আনি খেতি আৰম্ভ কৰিছে ২০১৮ চনৰ পৰা।

এই খেতিৰ জৰিয়তে তেওঁ ড্ৰেগন নামৰ ফল বিধেৰে চিনাকি কৰি দিছে জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাইজক। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত দৈমাৰীয়ে এই ফলবিধৰ প্ৰতি কেজিৰ পাইকাৰী মুল্য এতিয়া ৩৫০ টকা বুলি অৱগত কৰে যদিও খুচুৰা বজাৰত ইয়াৰ মূল্য ৪০০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত বুলিও উল্লেখ কৰে। প্ৰতি মাহত অকল ড্ৰেগনৰ পৰা ৮০ পৰা ৯০ হাজাৰ টকা উপাৰ্জন কৰি আছে চন্দন দৈমাৰীয়ে।

এই বিধ ফলৰ বিশেষ চাহিদাও বৰ্তমান বৃদ্ধি পাইছে অসমত। তেওঁ জানিবলৈ দিয়া অনুসৰি বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ী আহি দৈমাৰীৰ ঘৰৰ পৰাই ক্ৰয় কৰি নিয়ে ফলবিধ। অসমত দূৰ্লভ হিচাপে পৰিচিত এই পুষ্টিকৰ ফলবিধৰ বাবে ক্ৰেতাৰ হেতা-ওপৰা লাগে দৈমাৰীৰ বাসগৃহত। ইয়াৰ উপৰিও অহা বছৰৰ পৰা ইজৰাইল ভেৰেটি আপেল খেতি কৰাৰ সিদ্ধান্ত কৰিছে শিক্ষকগৰাকীয়ে।

শিক্ষকতাৰ মাজতে প্ৰায় ২৫ বছৰ ধৰি তেওঁ কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। চন্দন দৈমাৰীয়ে বিদ্যালয়ত যোৱাৰ সময়ত তেওঁৰ পত্নী অঞ্জু দৈমাৰীৰ লগতে স্থায়ীভাৱে থকা শ্ৰমিকে কৃষি কৰ্মৰ চোৱা চিতা কৰে। শিক্ষকগৰাকীৰ এনে কৃষিৰ প্ৰতি থকা আগ্ৰহক লৈ পত্নী অঞ্জু দৈমাৰীও সুখী বুলি জানিবলৈ দিয়ে।

চন্দন দৈমাৰীৰ পৰা অনুপ্ৰাণিত হৈ এতিয়া গাঁওখনৰ কে’ৱাজনো লোকে ড্ৰেগন ফলৰ খেতিৰ লগতে অন্যান্য কৃষি কৰ্মত জড়িত হৈ পৰিছে। এক কথাত চন্দন দৈমাৰীয়ে অঞ্চলটোত এটা কৃষি বিপ্লৱৰ সূচনা কৰিছে। চন্দন দৈমাৰীৰ দাবী চাকৰি সন্ধানী নিৱনুৱা যুৱক যুৱতী সকলেও এই ড্ৰেগন ফলৰ লগতে অন্যান্ন নতুন চাহিদাযুক্ত ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰে ।

Exit mobile version