মৰিগাঁৱত এটি শিশু সহ পুনৰ ৮৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত

3coronavirus 82

মৰিগাঁও জিলাত দৈনিক ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত জিলাবাসীৰ মাজত এক হাহাকাৰময় পৰিস্থিতিয়ে দেখা দিছে।জিলাখনৰ বিভিন্ন অঞ্চলত নিতৌ ক’ৰ’নাত আক্ৰান্ত হ’ব ধৰিছে শিশুৰ পৰা বৃদ্ধলৈকে।চিকিৎসক-স্বাস্থ্যকৰ্মীৰ পৰা আৰক্ষী-সেনাকে ধৰি বিভিন্ন জন।আজি জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পোৱা তথ্য মতে,জিলাখনৰ ঝাৰগাঁৱৰ এটি শিশু আৰু চি আৰ পি এফ,স্বাস্থ্যকৰ্মী সহ পুনৰ ৮৩ গৰাকী লোকৰ দেহত ক’ৰ’না পজিটিভ ধৰা পৰিছে।

উল্লেখ্য যে আজি জিলাখনৰ বিভিন্ন প্ৰান্তত ৰেপিড এন্টিজেন টেষ্টত ৫৩ গৰাকীৰ দেহত ক’ৰ’না পজিটিভ ওলাইছে।ইয়াৰোপৰি ২৯,৩০ আৰু ৩১ জুলাইত জিলাখনৰ স্বাস্থ্যকৰ্মী সকলে স্বোৱাব সংগ্ৰহ কৰা তথ্য অনুসৰি জিলাখনৰ ঝাৰগাঁৱৰ ৫,কুসুম পুৰৰ ৫,শগুনবাহীৰ ৩,ময়নগুৰিৰ ২ আৰু ভূৰবন্ধা প্ৰাথমিক চিকিৎসালয়ৰ এগৰাকী স্বাস্থ্যকৰ্মী, কাঁহিকুছিৰ চি আৰ পি এফৰ এগৰাকী জোৱানসহ নখলা,২ নং বঙালবড়ি,বঢ়মপুৰ,চেমাপাল্লি,হাবিবৰঙাবাৰী,বৰচাপৰি,ৰজাপুখুৰী, লেলাইবড়ি,ঔগুৰিপাম,ভলুকাগুৰি,গুনাইবড়ি,২ নং নাৰমাৰী আৰু লাহৰীঘাটৰ এজনকৈ মুঠতে ৩০ জনৰ ফলাফল ধনাত্মক হয়।

এই সকলৰ একাংশই পূৰ্বে ক’ৰ’নাত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ গৈ হোম কোৱাৰেণ্টাইনত থকাৰ বিপৰীতে আন কেইগৰাকীমানে বহিঃৰাজ্য কেৰেলাৰ পৰা আহি মৈৰাবাৰী হাই স্কুলৰ কোৱাৰেণ্টাইনত আছিল।ইতিমধ্যে এই সকল আক্ৰান্ত লোকক স্বাস্থ্য বিভাগে চিকিৎসাৰ বাবে হোম কোৱাৰেণ্টাইন আৰু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা স্থানান্তৰিত কৰিছে।

Exit mobile version