সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত চিবিআইৰ তদন্ত হোৱাটো বিচাৰিছে বিহাৰ চৰকাৰে । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় “অভিনেতাজনৰ পৰিয়ালৰ অনুমতি পোৱাৰ পিছত সিদ্ধান্ত ল’ব লাগিছিল ৷ আমি আগতেই কৈছিলো যে পৰিয়ালে যিয়েই দাবী নকৰক কিয় আমি তাৰ ওপৰত কাম কৰিম ৷ আজি সুশান্তৰ পিতৃয়ে এই সমগ্ৰ ঘটনাটোত চিবিআইৰ হস্তক্ষেপ বিচাৰিছে ৷ তেওঁৰ এই সমগ্ৰ ঘটনাতো চি বি আইৰ তদন্ত কৰিবলৈ আহ্বান কৰিছে ৷ আনহাতে চিবিআইৰ তদন্তৰ এই বিষয়টোক লৈ বিহাৰ আৰু মুম্বাইৰ পুলিছৰ মাজত শীতল যুদ্ধ অব্যাহত আছে ৷
আনহাতে বিহাৰৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই টুইটাৰ যোগে কয় “আইপিএচ বিনয় তিৱাৰীৰ তত্ত্বাৱধানত আৰক্ষীৰ এটা দল অভিনেতাজনৰ আত্মহত্যাৰ তদন্ত কৰিবৰ কাৰণে মুম্বাইত উপস্থিত হয় ৷ কিন্তু বিনয় তিৱাৰীক ৰাতি ১১ বজাত জবৰদস্তি কোৱাৰেন্টাইন কৰে বিএমচিয়ে । লগতে বিনয় তিৱাৰীক আইপিএছ কোৱাৰ্টাৰৰ বিপৰীতে গেষ্ট হাউচত কোৱাৰেন্টাইন কৰে । লগতে তেওঁ কয় যে বিনয় তিৱাৰীৰ লগত অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে মুম্বাইৰ আৰক্ষীয়ে ৷ তেওঁক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছে । আমাৰ চাৰিজন বিষয়া মুম্বাইৰ পুলিচৰ ভয়ত ওলোৱা নাই ।
ডিজিপি পাণ্ডেই কয় যদি ৰিয়া চক্ৰৱৰ্তী নিৰ্দোষী তেন্তে আমাৰ লগত সুশান্তৰ তদন্ত কৰাত কিয় সহায় নকৰে ? ৰিয়াই কেৱল মুম্বাইৰ পুলিচক কিয় সহায় কৰে ? সুশান্তৰ মেনেজাৰ দিশা চেলিয়নৰ নাম শুনি মুম্বাইৰ পুলিচৰ কিয় খং উঠি যায়? ইপিনে বিএমচিয়ে বিহাৰৰ চাৰিজন আৰক্ষীক বিচাৰি ফুৰিছে ৷ তেওঁলোক সুশান্তৰ তদন্তৰ কাৰণে মুম্বাইত উপস্থিত হৈছিল ।
উল্লেখযোগ্য যে ,সুশান্তৰ আত্মহত্যাৰ চিবিআইৰ তদন্ত কৰাৰ সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ে আজি দিবলগীয়া শুনানি বাতিল কৰে ৷ মুম্বাইত হৈ থকা ধাৰাসাৰ বৰষুণৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে । লোক জনশক্তি দলৰ নেতা চিৰাগ পাচৱানে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এখন পত্ৰ লিখি সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইৰ দ্বাৰা কৰাবলৈ আহ্বান কৰে ।
লগতে মুম্বাইৰ পুলিচে বিহাৰৰ পুলিচক কৰা ব্যৱহাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগত মতবিনিময় কৰিবলৈও আহ্বান কৰে নিতীশ কুমাৰক । বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই কয় যে মুম্বাইত বিহাৰৰ পুলিচক কোৱাৰেন্টাইন কৰাত সন্দেহজনক । NIA আৰু ED য়ে এই সমগ্ৰ বিষয়টো তদন্ত কৰিব লাগে ।
আনহাতে বিহাৰ পুলিচৰ এটি বিশেষ দলে সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ কনটেণ্ট মেনেজাৰ সিদ্ধাৰ্থ পিথানীকো বিচাৰি আছে ৷ সোমবাৰে সিদ্ধাৰ্থক সোধপোচৰ কাৰণে বিচাৰিছিল যদিও তেওঁ নাহিল ৷ ইফালে দুদিন পূৰ্বে সিদ্ধাৰ্থ পিথানিয়ে মুম্বাইৰ পুলিচলৈ পত্ৰ লিখি সদৰী কৰিছিল যে সুশান্তৰ পৰিয়ালে ৰিয়া বিৰুদ্ধে ক’বলৈ তেওঁক হেঁচা প্ৰয়োগ কৰি আছে ।