চিৰাং জিলাৰ বিজনীৰ শতবৰ্ষ গৰকা সমাজ সেৱক আব্দুল ওহাৱৰ আজি দেহাৱসান ঘটে । বিজনীৰ জন সমাজ সেৱক হিন্দু-মুছলমান সকলোৰে সৈতে মিলাপ্ৰীতিৰে থকাৰ লগতে সকলো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল । বিহু, পূজা-পাৰ্বন, বিজনীৰ ৰজা দিনীয়া লক্ষী পূজা, ইচলাম ধৰ্মীয় বিভিন্ন অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত আছিল প্ৰয়াত সমাজ সেৱক আব্দুল ওহাৱ ।
বৃহত্তৰ বিজনী অঞ্চলৰ বিদ্যালয়, মহাবিদ্যালয় তথা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে প্ৰত্যক্ষভাবে জড়িত আছিল । অসমৰ খিলঞ্জীয়া গৰীয়া এই জন সমাজ সেৱক অগ্ৰদূত কাকতৰ জন্ম লগ্নৰ পৰাই এজন নিয়মিত গ্ৰাহক আছিল । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউ নিয়ন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ককাদেউতা(নানা) এই জন সমাজ সেৱকে এশ বছৰ অতিক্ৰম কৰি কিছুদিনৰ পৰা বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ আছিল ।
আজি বিয়লি ৪ বজাত নিজৰ ঘৰতে শেষ নিশ্বাস ত্যাগ কৰে । তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বিজনী অঞ্চলৰ বিভিন্ন জাতী জনগোষ্টীৰ লোকে শেষ শ্ৰদ্ধ জনোৱাৰ বাবে প্ৰয়াত সমাজ কৰ্মী আব্দুল ওহাৱৰ বাসগৃহত উপস্থিত হয় ৷
উল্লেখযোগ্য যে আব্দুল ওহাৱৰ দেহাৱসানত বিজনী জিলা আমছুৰ সভাপতি আব্দুল কালাম আজাদ আৰু চিৰাং জিলা আমছুৰ সভাপতি গুলজাৰ হুচেইন পৰামানিকে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনায়।