প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন কৰিলে যদিও মন্দিৰ নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই বিষয়ে সকলোৱে সম্প্ৰতি জানিবলৈ ইচ্ছুক হৈ আছে ৷ ৰাম মন্দিৰৰ ট্ৰাষ্টৰ মতে মন্দিৰৰ নিৰ্মাণৰ কাম এতিয়াই সম্পন্ন নহয় । কাৰণ এতিয়াও সম্পূৰ্ণ ৰূপে তৈয়াৰ হোৱা নাই ৰাম মন্দিৰৰ নক্সা ।
ৰাম মন্দিৰৰ মহাসচিব চম্পত ৰায়ৰ মতে এতিয়াও মন্দিৰৰ নক্সা অযোধ্যাৰ বিকাশ প্ৰাধিকৰণৰ ওচৰত আছে ৷ ইয়াত প্ৰায় ডেৰ দুই কোটি টকা ব্যয় হ’ব ৷ইয়াৰ পিছৰ পৰাহে ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব । আনহাতে মন্দিৰৰ আৰ্কিটেক্টৰ কাম চোৱা চিতা কৰা নিখিল সোমপুৰাৰ মতে নিৰ্মাণকাৰী কোম্পানী এনএনটীয়ে সম্প্ৰতি ৰাম জন্মভূমিৰ মাটিৰ গুণাগুণ পৰীক্ষা কৰি আছে ৷
ইয়াৰ ফলাফল অহাৰ পিছতহে মন্দিৰৰ গভীৰতা কিমান হ’ব লগতে কেতিয়াৰ পৰা কাম আৰম্ভ হ’ব সেই বিষয়ে সিদ্ধান্তত উপনীত হ’ব পাৰিব ৷ নিখিল সোমপুৰাই লগতে কয় যে এতিয়াই কিমান মজদুৰ লাগিব সেই বিষয়েও স্পষ্ট হোৱা নাই । কাৰণ মন্দিৰৰ কাম কৰিবলৈ বৃহৎ মেচিনসমূহ ইতিমধ্যে আহি পৰিছে ৷ গতিকে মেচিনৰ সংখ্যা বৃদ্ধি পালে মজদুৰৰ সংখ্যা হ্ৰাস পাব ৷
অনুমান কৰা হৈছে প্ৰায় ১০০ জন মজদূৰৰ দ্বাৰা মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব ৷ আনহাতে মন্দিৰ নিৰ্মাণত কিমানজন ঠিকাদাৰ লাগিব সেই বিষয়েও স্পষ্ট কৰা নাই এলএনটিয়ে । কামৰ সকলো ভাগ বতৰা হৈছে যদিও ৰাম মন্দিৰৰ ট্ৰাষ্টৰ ফালৰ পৰা সেউজ সংকেত পালেই আৰম্ভ হ’ব মন্দিৰ নিৰ্মাণ ।