অসম আৰু পশ্চিমবঙ্গৰ দুয়োটা ৰাজ্যত বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ লক্ষ্যৰে স্বাধীনতা দিৱসৰ পিচৰে পৰা আৰম্ভ কৰিব জনসম্পৰ্ক ৰক্ষী অভিযানৰ আজি চিৰাং জিলাৰ বৰতালোৱাত ৰাজনৈতিক দল কমতাপুৰ প্ৰগ্ৰছিভ পাৰ্টী(কে পি পি)য়ে আয়োজন কৰে এক সংবাদমেলৰ । অসম প্ৰদেশ কমিটীৰ সভাপতি দিপক কুমাৰ ৰায়ে সংবাদমেল সম্বোধন কৰি কয় যে অহা ২০২০ৰ অসম আৰু পশ্চিম বঙ্গৰ বিধান সভা নিৰ্ব্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে অহা ১৬ আগষ্টৰ পৰাই দুয়োখন ৰাজ্যত আৰম্ভ কৰিব জন সম্পৰ্কৰক্ষী অভিযানৰ ।
এই সময়ছোৱাত প্ৰতিখন ৰাজ্যত দহ লাখকৈ সদস্য ভৰ্তি কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে । জনসম্পৰ্কৰক্ষী অভিযানৰ কোঁচ ৰাজবংশী সকলৰ কমতাপুৰ ৰাজ্য পুনৰুদ্ধাৰৰ বাবে কৰা আন্দোলনত জড়িত থকা প্ৰতিটো দল-সংগঠন আৰু সাহিত্যিক বুদ্ধিজীৱিৰ সৈতেও সু-সম্পৰ্ক ৰক্ষা কৰাৰ কথাও জনায় দলটোৰ সভাপতি প্ৰদীপ কুমাৰ ৰায়ে । এই জন সম্পৰ্কৰক্ষী অভিযান ৩১ ডিচেম্বৰলৈ চলাই নিব বুলিও জনায় । নৱবৰ্ষৰ ৭ জানুৱাৰীত দলটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি অসম আৰু পশ্চিমবঙ্গৰ ৰাজ্যিক পৰ্য্যায়ৰ শীৰ্ষ নেতৃত্ব আৰু কৰ্মকৰ্তা সকলক লৈ এক ৰাজনৈতিক অভিৱৰ্তনৰ আয়োজন কৰাৰ কথাও জনায় সংবাদমেলত । সভাপতিজনে লগতে জনায় যে উক্ত অভিৱৰ্তনতে অসমৰ ৩০ টা বিধান সভা সমষ্টি আৰু পশ্চিমবঙ্গৰ ৪৯ টা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টো চুড়ান্ত কৰিব ।
বিশেষকৈ কোঁচ ৰাজবংশী বসতি প্ৰধান অঞ্চল সমূহ দলটোৱে অধিক গুৰুত্ব প্ৰদান কৰাৰ কথাও জনায় । একেখন সংবাদ মেলত দলটোৰ সভাপতিজনে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিধান সভা নিৰ্ব্বাচনৰ পূৰ্বেই অসমৰ কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণ, কমতাপুৰী ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ ক্ষেত্ৰত অতিশীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় । সংবাদ মেলত কমতাপুৰ প্ৰ’গ্ৰেছিভ পাৰ্টীৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ও উপস্থিত থাকে ।