এইবাৰ কংগনাৰ লক্ষ্য আদিত্য থাকৰে

Kangana Ranaut IE 660

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ লগত মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আদিত্য থাকৰেই নিজৰ নাম সাঙুৰ খোৱাৰ লগে লগে সকলো অভিযোগ নসাৎ কৰি কয় যে এই সমগ্ৰ ঘটনাটো কূটিল ৰাজনৈতিক মেৰপাকত সোমাই পৰিছে ৷ লগতে আদিত্য থাকৰেৰেই কয় যে এই সমগ্ৰ ঘটনাটোত তেওঁৰ পৰিয়ালটোৰ নাম অনৰ্থকভাৱে সাঙুৰি অনা হৈছে ৷

কিন্তু আদিত্য থাকৰেৰে এই প্ৰতিক্ৰিয়া শুনি সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত অত্যন্ত সক্ৰিয় হৈ থকা কংগনা ৰানাউটেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷কংগনাৰ ৰনাউটৰ টীমে টুইটাৰ যোগে প্ৰকাশ কৰিছে “চাওঁক ৷ কূটিল ৰাজনীতিৰ কথা কোনে কৈছে ৷ আপোনাৰ পিতৃয়ে মুখ্যমন্ত্ৰীৰ আসনখন কেনেকৈ লাভ কৰিলে? আপোনালোক সকলোৱেই কূটিল ৰাজনীতিৰ একো একোজন গুৰু ৷ সকলো পাহৰি যাওঁক আৰু নিজৰ পিতৃৰ পৰা এই সাতটা প্ৰশ্নৰ উত্তৰ লৈ আহক ।” এনেদৰে কংগনাই সাতটা প্ৰশ্ন কৰে আদিত্য থাকৰেক ৷

১. ৰিয়া ক’ত আছে ?

২. মুম্বাইৰ পুলিছে সুশান্তৰ মৃত্যুক লৈ এফআইআৰ কিয় দাখিল কৰা নাই ?

৩. ফ্ৰেব্ৰুৱাৰীত যেতিয়া সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে পুলিচক পুত্ৰৰ জীৱন বিপদত পৰিছে বুলি জনাইছিল যদিও মুম্বাইৰ পুলিচে কিয় সুশান্তৰ মৃত্যুৰ দিনাই এই ঘটনা আত্মহত্যাৰ নাম দিলে?

৪. আমাৰ লগত ফৰেণছিক বিশেষজ্ঞ বা সুশান্তৰ ফোনৰ ডাটা কিয় নাই? ইয়াৰ দ্বাৰা প্ৰমাণ হ’ব যে মৃত্যুৰ এসপ্তাহ পূৰ্বে অভিনেতাজনে কাৰ কাৰ লগত কথা পাতিছিল ৷

৫. সকলো জানি শুনিও কিয় আইপিএছ বিনয় তিৱাৰীক জোৰ জুলুমকৈ কোৱাৰেন্টাইন কৰা হ’ল?

৬. চিবিআইৰ তদন্তলৈ কিয় সকলোৱে ভয় কৰি আছে ৷

৭. ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ লোকে সুশান্তৰ টকা পইচা কিয় লুটিলে?

উল্লেখযোগ্য যে কেইদিন পূৰ্বে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পুত্ৰ আদিত্য থাকৰেই টুইটাৰ যোগে কয় “সুশান্তৰ মৃত্যুৰ লগত থাকৰে পৰিয়ালৰ কোনো ধৰণৰ সম্পৰ্ক নাই । মানুহে আমাৰ পৰিয়াললৈ মিছা অভিযোগৰ আঙুলি টুৱাইছে ।জানি-বুজিয়ে এইদৰে মিছা অপবাদ জাপি দিছে’ ৷ লগতে তেওঁ কয়, ‘বলীউড মুম্বাইৰ এটা মহত্বপূৰ্ণ অংশ । বহুত লোকৰে জীৱন ইয়াৰ ওপৰত নিৰ্ভৰ কৰে ।

হয় ,বলীউডৰ বহু লোকৰে লগত মোৰ সম্পৰ্ক আছে ।কিন্ত সেয়া কোনো অপৰাধ নহয় । সুশান্তৰ মৃত্যু ঘটনা বহুত দুখজনক । মুম্বাই আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি আছে আৰু এই ক্ষেত্ৰত মহাৰাষ্ট্ৰ আৰক্ষীৰ সমগ্ৰ দেশতে নাম আছে ।’

ইপিনে সুশান্তৰ আত্মহত্যাৰ এমাহ পাৰ হ’ল যদিও দোষীক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত অব্যাহত ৰাখিছে । সুশান্তৰ পিতৃয়ে পাটনা আৰক্ষীক ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে লিখিত ভাৱে অভিযোগ দাখিল কৰিছে । এই ঘটনাৰ তদন্তত বিহাৰ আৰক্ষীৰ উচ্চপদস্ত বিষয়া মুম্বাইলৈ ৰাওনা হৈছিল যদিও মুম্বাই আৰক্ষীয়ে কোনো ধৰণৰ সহযোগিতা আগনবঢ়ালে।

Exit mobile version