কৰ’নাৰ ভয়াবহতাৰ মাজেৰে অহা পহিলা ছেপ্টেম্বৰৰ পৰা অনানুষ্ঠানিক ভাৱে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’লেও ৰাজ্যত অব্যাহত থাকিব অনলাইন পদ্ধতিৰ শিক্ষা ব্যৱস্থা। বৰঞ্চ এই প্ৰক্ৰিয়া অধিক গতিশীল কৰাৰ বাবে অনলাইন পদ্ধতিৰে পাঠদান কৰাত জটিলতাৰ সন্মুখীন হোৱা ৰাজ্যৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰিব সমগ্ৰ শিক্ষা অভিযানে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বিশেষকৈ মাধ্যমিক পৰ্যায় পর্যন্ত অনলাইন পদ্ধতিৰে পাঠদানত অধিক গুৰুত্ব আৰোপ কৰিছে শিক্ষা বিভাগে। ইয়াৰ বাবে বিগত সময়চোৱাত অনলাইন পদ্ধতিৰে যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠদান কৰাত জটিলতাৰ সন্মুখীন হৈছে তেঁওলোকক চলিত মাহৰ পৰাই সমগ্ৰ শিক্ষা অভিযানে বিশেষভাৱে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিব।
লগতে অনলাইন পদ্ধতিৰ শিক্ষাৰ নামত যাতে শিক্ষকসকলে পালমৰা ধৰণে সমগ্ৰ বিষয়টো এৰাই চলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কৃত্ৰিম বুদ্ধিমত্তা আঁচনিৰ অধীনত মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক সংশ্লিষ্ট বিষয়ৰ প্ৰশ্নোত্তৰ প্ৰদান কৰা হ’ব । তাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ স্কুল সমূহৰ পৰিদর্শকে বাচনি কৰিব মান সম্পন্ন প্ৰশ্ন কাকত।






























