দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত অযোধ্যাৰ সৰযু নৈ পাৰৰ ভূমিত ৰূপোৱালী ইটাৰে সম্পন্ন হ’ল ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা অনুষ্ঠান ৷ ১৯৯০ ত অযোধ্যাত দেশজুৰি ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ অন্যতম উদ্যোক্তা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৩০ বছৰহ বুধবাৰে মোদীৰ হাতেৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি পৰ্বৰ সূচনা হ’ল মহা আড়ম্বৰৰী ৷ ৪০ কিলোগ্ৰাম ওজনৰ ৰূপৰ ইটা গাঠি ভূমি পূজাৰ মাধ্যমেৰে ৰাম মন্দিৰ নিৰ্মাণ সূচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷
প্ৰধানমন্ত্ৰীৰ মুখত কেৱল উচ্চাৰিত হ’ল ৰাম চৰিত আৰু ঐক্য সংহতিৰ বাৰ্তা ৷ অনুষ্ঠানত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মন্তব্য কৰিলে “নতুন ভাৰতত সূচনা হ’ল নৱযুগৰ” ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যিকোনো অসম্ভৱৰ শান্তিপূৰ্ণ সমাধান কৰিবলৈ সক্ষম ।
উল্লেখযোগ্য যে বুধবাৰে দিনৰ প্ৰায় ১১ বজাত অযোধ্যাৰ আকাশত মোদীৰ হেলীকপ্তাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে কাৰ্যতঃ সমগ্ৰ অযোধ্যা উল্লাসত মত্ত হৈ পৰে । কাৰণ এই অনুষ্ঠানৰ মধ্যমণি আছিল প্ৰধানমন্ত্ৰী মোদী । ১১ বজাত ছাকেট কলেজৰ খেলপথাৰত তেওঁৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাছত তেওঁক আদৰণি জনায় মুখ্যমন্ত্ৰী আদিত্যনাথে ৷ তাৰ পৰা প্ৰধানমন্ত্ৰী হনুমানগঢ়ী মন্দিৰত পূজা আগবঢ়াবলৈ যায় । মন্দিৰৰ কৰ্তৃপক্ষই তেওঁক দিয়ে বস্ত্ৰ আৰু ৰূপৰ মুকুট ।
ইয়াৰ পাছত ৰামললা দৰ্শন কৰে মোদীয়ে। তাৰ পৰা তেওঁ যায় ৰাম জন্মভূমিলৈ ৷ তাৰ পৰা ঘড়ীৰ কাটা অনুসৰি এটা এটাকৈ সমস্ত ধৰ্মীয় কাৰ্য কৰি তেওঁ মঞ্চত উপবিষ্ট হয় । সৰযু নদীৰ পাৰত স্বৰ্ণযুগৰ সূচনা হ’ল ৷ অযোধ্যাত ৰামমন্দিৰৰ শিলন্যাসৰ দিনটোক এইদৰে ব্যাখ্যা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয় বহু বছৰ জুৰি শিবিৰত মুখ গুজি আছিল ৰামললাই । এইবাৰ তেওঁৰ বাবে সুবিশাল মন্দিৰ নিৰ্মাণ হ’ব ৷
বুধবাৰৰ দিনটোক স্বাধীনতা দিৱসৰ লগত তুলনা কৰি মোদীয়ে কয় “সমগ্ৰ দেশে স্বাধীনতা সংগ্ৰামত যোগ দিছিল ৷ মন্দিৰৰ বাবেও বহুতে বলিদান দিছে । ইমানদিন তেওঁলোক অপেক্ষা কৰিবলগীয়া হ’ল । ১৫ আগষ্ট স্বাধীনতাৰ প্ৰতীক ৷ আজিৰ দিনটো ত্যাগ, সংকল্প আৰু সংযমৰ প্ৰতীক ৷
লগতে মোদীয়ে অযোধ্যাত লোকসকলক সম্বোধন কৰি কয় “মোৰ ইয়ালৈ অহাটো স্বাভাৱিক ৷ আজি সোমনাথৰ পৰা বিশ্বনাথ,বোধগয়াৰ পৰা সাৰনাথ,অমৃতসৰৰ পৰা কাশী বিশ্বনাথলৈ সকলো ৰাম ময় হৈ পৰিছে। কোটি কোটি ভাৰতীয়লৈ এই ঐতিহাসিক মূহুৰ্তৰ পৰাই প্ৰণাম তথা শুভেচ্ছা ৷ আজি সমগ্ৰ ভাৰত আবেগিক হৈ পৰিছে ৷ কোটি কোটি লোকৰ বছৰ বছৰ যোৱা অপেক্ষাৰ আজি অন্ত পৰিল । মোৰ সোভাগ্য যে মোক ৰাম জন্মভূমি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনালে ৷ গতিকে ৰাম মন্দিৰৰ ট্ৰাষ্টলৈ ধন্যবাদ জ্ঞাপন কৰিলো ।” লগতে মোদীয়ে কয় যে ভাঙি গৈ পুনৰ গঠন হোৱা পৰম্পৰাৰ যেন বহিঃপ্ৰকাশ ৰাম মন্দিৰ ।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ পৰিধানত আছিল ছিল্কৰ কুৰ্তা আৰু বগা ধূতি ৷ তেওঁ শিলন্যাস কৰাৰ সময়চোৱাত জয় শ্ৰীৰাম, জয় সীয়াৰাম, ভাৰত মাতা কি জয়, হৰ হৰ মহাদেৱ আদি ধৰ্বনিৰে উপচি পৰে অনুষ্ঠানস্থলী । ইপিনে অনুষ্ঠানলৈ আমন্ত্ৰিত ১৭৫ জন অভ্যাসগতই সম্পূৰ্ণ সামাজিক বিধি মানি চলা পৰিলক্ষিত হয় । অতিথিসকলৰ বহুতৰে বয়স ৬৫ উধ্বৰ ৷ দীৰ্ঘদিনীয়া আইনী যুঁজ, বিতৰ্কৰ অন্তত অৱশেষত বুধবাৰে অযোধ্যাত এইদৰে সম্পন্ন হ’ল ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি । এই দিনটো দেশবাসীৰ বাবে ঐতিহাসিক মূহুৰ্ত ৰৈ ৰ’ল ৷