টিকটক ক্ৰয় কৰিবলৈ মন মেলিছে টুইটাৰে

tiktok

1133793996

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টিকটক নিষিদ্ধ কৰাৰ পিছত সম্প্ৰতি চীনে এপটো যিকোনো প্ৰকাৰে ৰক্ষা কৰাৰ চেষ্টাত অৱতীৰ্ণ হৈছে ।শেহতীয়াকৈ অহা খবৰ অনুসৰি টিকটকে আমেৰিকাৰ ব্যৱসায় টুইটাৰক বিক্ৰী কৰিব পাৰে । এই সন্দৰ্ভত ইতিমধ্যে টুইটাৰে টিকটকৰ পেৰেন্ট কোম্পানী ৱাইটডান্সৰ লগত মতবিনিময় কৰিছে ৷ অৱশ্যে বিশেষজ্ঞসকলে টিকটক আৰু টুইটাৰৰ চুক্তিক লৈ সন্দেহ প্ৰকাশ কৰিছে ৷

বিশেষজ্ঞসকলৰ মতে টিকটকক ক্ৰয় কৰিবৰ কাৰণে টুইটাৰ বিত্তীয়ভাৱে সক্ষম নহয়  ৷ গতিকে টিকটক ক্ৰয় কৰিবৰ কাৰণে মাইক্ৰচফ্টক টুইটাৰে পিছ পেলাই দিব সেই সন্দৰ্ভে এতিয়াও বিশেষজ্ঞসকল নিশ্চিত নহয়। আনহাতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ৱাইটডান্সক টিকটকক আমেৰিকাৰ ব্যৱসায় বিক্ৰী কৰিবৰ কাৰণে ১৫ ছেপ্তেম্বৰলৈকে সময় দিছে । যদি এই সময়ত টিকটকৰ কোনো বুজাবুজি নহয় তেন্তে আমেৰিকাত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব টিকটক ।

উল্লেখযোগ্য যে টিকটক আৰু টুইটাৰ দুয়োৱে প্ৰাৰম্ভিক পৰ্যায়ত মতবিনিময় কৰি আছে যদিও টিকটক ক্ৰয়ৰ ক্ষেত্ৰত একেবাৰে আগত আছে মাইক্ৰচফ্ট ৷ মাইক্ৰচফ্টে দীঘলীয়া সময় ধৰি টিকটকৰ আমেৰিকাৰ ব্যৱসায়ক ক্ৰয় কৰিবৰ কাৰণে বাইটডান্সৰ লগত মতবিনিময় কৰি আছে ৷ মাইক্ৰচফ্টৰ চি ই অ’ সত্যা নডেলাই টিকটকক ক্ৰয় কৰাৰ প্ৰস্তাৱ ইতিমধ্যে দিছে ।

ট্ৰাম্প প্ৰশাসনে বিগত সপ্তাহত টিকটক বেন কৰাৰ কাৰণে মঞ্জুৰী দিছিল ৷ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও টিকটক নিষিদ্ধ কৰাৰ সন্দৰ্ভত চহী কৰিছে ৷ অৱশ্যে এই নিষিদ্ধতা ৪৫ দিনৰ পিছত অৰ্থাৎ ১৫ ছেপ্তেম্বৰৰ পৰা প্ৰয়োগ হ’ব ৷ ড’নাল্ড ট্ৰাম্পে টিকটক ক্ৰয় কৰাৰ ক্ষেত্ৰত মাইক্ৰচফ্টৰ প্ৰস্তাৱক সমৰ্থন কৰিছে ৷

ইফালে ভাৰত চীন সীমান্তৰ গালৱান উপত্যকাত হোৱা সংঘৰ্ষত ২০ জন সৈনিক শ্বহীদ হোৱাৰ পিছত ভাৰতে চীনৰ ৫৯ টা এপ নিষিদ্ধ কৰিছিল ৷ইয়াৰ পিছত চৰকাৰে পুনৰ চীনৰ ৪৭ টা এপ নিষিদ্ধ কৰে ।

Exit mobile version