পামিৰ মালভূমিকো নিজৰ বুলি দাবী কৰিলে চীনে

Screenshot 29

চীনৰ ক্ষুধাৰ গৰাহত পৰিব পাৰে তাজিকিস্তান । ক্ষুদ্ৰ দেশখনৰ পামিৰ মালভূমিকে সম্প্ৰতি নিজৰ ভূমি বুলি দাবী কৰিছে সাম্ৰাজ্যবাদী চীনে ।শেহতীয়াকৈ চীনৰ এজন ইতিহাসবিদ ইয়’ ইয়াও লুৱে পামিৰ এসময়ত চীনৰ অন্তৰ্গত বুলি দাবী কৰে ।

ইতিহাসবিদজনে প্ৰতিবেদনত লিখিছে, ‘১৯১১ৰ পৰা চীনে যি নীতি গ্ৰহণ কৰিছে, তাত হেৰুৱা ভূমি পুনৰ দখলৰ কথা আছে । ইয়াৰ মাজতে চীনে যথেষ্ট পৰিমাণে হেৰুৱা ভূমি ঘূৰাই পাইছে । পামিৰৰ ওপৰত সবাতোকৈ আগতে চীনৰ অধিকাৰ আছিল । কিন্তু বিগত ১২৮বছৰ ধৰি সেই অঞ্চল চীনৰ দখলত নাই । সেয়ে এতিয়া চীনে সেই অঞ্চল ঘূৰাই ল’ব বিচাৰে ।’

তাজিকিস্তানৰ স’তে সীমান্ত আছে চীনৰ । ২০১০ ত দেশ দুখনৰ মাজত সীমান্তক লৈ এখন চুক্তি সম্পাদন হৈছিল । সেই চুক্তি অনুসৰি, ১১৫৮বৰ্গ কিলোমিটাৰ অঞ্চল তাজিকিস্তানে চীনক অৰ্পণ কৰিবলৈ বাধ্য হৈছিল । এই বিষয়টোৱে চিন্তাত ৰাখিছে তাজিকিস্তানক । চীনৰ এই সাম্ৰাজ্য বিস্তাৰৰ বিষয়টো ৰাছিয়া আৰু আমেৰিকাই আৰম্ভনিৰে পৰাই লক্ষ্য কৰি যাৱতীয় ব্যৱস্থাৰ কথা চিন্তা কৰি আহিছে ।

Exit mobile version