মহামাৰী কৰ’না ভাইৰাছৰ বাবে দেশজুৰি চলি থকা তলাবন্ধৰ বাবে ছাত্ৰ-ছাত্ৰীসকল গৃহবন্দী হৈ থাকিব লগা হৈছে । এই তলাবন্ধৰ ফলত লাভ কৰা আজৰি সময়ৰ সদ্ ব্যৱহাৰ কৰি এজন ছাত্ৰ তথা উদীয়মান চিত্ৰশিল্পীয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে । গোলাঘাট বৰপথাৰৰ অভিজ্ঞান দত্ত নামৰ ছাত্ৰজনে চিত্ৰশিল্পৰ ক্ষেত্ৰত ব্যতিক্ৰমী প্ৰয়াস গ্ৰহণ কৰিছে ।
তলাবন্ধৰ সময়ছোৱাত ছাত্ৰজনে হাত ব্যৱহাৰ নকৰাকৈ নিজৰ মূৰ (চুলি) আৰু মুখ (দাড়ি) ব্যৱহাৰ কৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ এখন পাঁচ ফুট ওখ আৰু তিনি ফুট বহল প্ৰতিচ্ছবি অংকন কৰিছে। ছাত্ৰজনৰ উক্ত প্ৰতিচ্ছবিখন ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ৰ বাবে নিৰ্বাচিত হৈছে । যোৱা ২৯ জুলাইত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ কৰ্তৃপক্ষই এক বাৰ্তা যোগে ছাত্ৰজনক এই কথা জনাইছে বুলি তেওঁ জানিবলৈ দিয়ে।
ছাত্ৰজনে উক্ত প্ৰতিচ্ছবি ₹খন ২০ মিনিটৰ ভিতৰত অংকন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ছাত্ৰজনে শাওণ মাহৰ পথাৰৰ বোকাৰে আঁকি উলিয়াইছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ডঃ এ পি জে আব্দুল কালামৰ এখন প্ৰতিচ্ছবি। উক্ত প্ৰতিচ্ছবি খন ছাত্ৰজনে মাত্ৰ তিনি মিনিটত অংকন কৰি উলিয়াইছে। তলাবন্ধৰ সময়ছোৱাতে ছাত্ৰজনে দেহৰ বিভিন্ন অংগৰে মুঠ এঘাৰডাল তুলিকা লৈ একে সময়তে মুঠ ১১ খন প্ৰতিচ্ছবি অংকন কৰিছে।
ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, জুবিন গাৰ্গ, হিমা দাস সহ মুঠ ১১ জন বিশেষ ব্যক্তিৰ উক্ত ১১ খন প্ৰতিচ্ছবি ছাত্ৰজনে আধা ঘণ্টাৰ ভিতৰত অংকন কৰি উলিয়াইছে। “মুক্তি কেতিয়া” শীৰ্ষক কৃষক নেতা অখিল গগৈৰ এখন প্ৰতিচ্ছবি চকুত কাপোৰ বান্ধি অংকন কৰি উলিয়াইছে ছাত্ৰজনে। এই সন্দৰ্ভত ছাত্ৰজনে কয়, “সৰুৰে পৰা ছবি অঁকাত মোৰ যথেষ্ট ৰাপ আছিল। নিয়মীয়াকৈ স্কুল-কলেজত গৈ থকাৰ সময়ত আজৰি সময় খুব কম পাইছিলোঁ। তলাবন্ধৰ বাবে ঘৰতে আছো।
সেয়েহে কিছু ব্যতিক্ৰম ধৰণে ছবি আঁকিবলৈ মন গ’ল।” ভৱিষ্যতে এজন সফল চিত্ৰশিল্পী হোৱাৰ সপোন পুহি ৰখা ছাত্ৰজন সম্প্ৰতি চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ ছাত্ৰজনে চিত্ৰশিল্পৰ প্ৰতি থকা আগ্ৰহৰ বাবে নিজৰ শিক্ষাৰ শাখা সলনি কৰে। ভৱিষ্যতে চিত্ৰশিল্পত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে ছাত্ৰজনে ।
এইক্ষেত্ৰত ছাত্ৰজনৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ যথেষ্ট অনুপ্ৰেৰণা আৰু অৰিহণা আছে বুলিও ছাত্ৰজনে কয়। বৃত্তিগত ভাবে ছাত্ৰজনে দেৱাল অংকন আৰু প্ৰতিচ্ছবিও অংকন কৰে। উল্লেখ্য যে, ছাত্ৰজনৰ ছবি অঁকা বহুকেইটা ভিডিঅ’ চ’ছিয়েল মিডিয়াৰ অন্যতম মাধ্যম ফেচবুকত যথেষ্ট চৰ্চা লাভ কৰিছে।