দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ শৰীৰত ক’ভিড১৯

teros gowala

ৰাজ্যত ইজনৰ পিছত সিজন বিধায়ক আক্ৰান্ত হৈছে কৰ’নাত ৷ এইবাৰ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ শৰীৰত ধৰা পৰিছে ক’ভিড ১৯ ৷ অন্যহাতে বিধায়ক গৰাকীয়ে দেওবাৰে পথৰ এক আধাৰশিলা স্থাপনত অংশ লৈছিল ৷ইতিমধ্যে গোৱালাৰ পৰিয়ালৰ ক’ভিড১৯ টেষ্ট কৰা হৈছে ৷ উল্লেখযোগ্য যে ৰাজ্যত পুনৰ ১১২৩জনৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি ৷লগতে বিগত ২৪ ঘন্টাত ২৪,৪৯২ জনৰ ক’ভিড১৯ পৰীক্ষা কৰা হৈছে ৷ৰাজ্যত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ৫৮,৮৩৭ জন,সুস্থ হৈছে ৪০,৫৯১জন আৰু মৃত্যু হৈছে ১৪৫ জনৰ৷

Exit mobile version