বতৰৰ আগজাননী সতৰ্কীকৰণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

77271122

দেশৰ ছয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ স’তে আলোচনাত বানপানীৰ সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷প্ৰধানমন্ত্ৰী মোদীয়ে অসম বিহাৰ,উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰ,কৰ্ণাটক আৰু কেৰেলাৰ মুখ্যমন্ত্ৰীসকলৰ স’তে ভাৰ্চুৱেল বৈঠক সম্পন্ন কৰি বান পৰিস্থিতি পুনৰীক্ষণ কৰে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱনী প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ কৰি বতৰৰ আগজাননী আৰু সতৰ্কীকৰণ ব্যৱস্থাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

তেওঁ বানপানীৰ আগজাননী এক স্থায়ী ব্যৱস্থা আৰু স্থানীয় আগতীয়া সতৰ্ক ব্যৱস্থাত বিনিয়োগ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত উন্নত সমন্বয় ৰক্ষাত গুৰুত্ব আৰোপ কৰে ।বৈঠকত মুখ্যমন্ত্ৰীসকলে বানৰ পৰিস্থিতি আৰু নিজ ৰাজ্যৰ উদ্ধাৰ অভিযান সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে ৷বৈঠকত লগতে উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী,স্বাস্থ্যমন্ত্ৰী ,গৃহবিভাগৰ দুই ৰাজ্যিক মন্ত্ৰী আৰু সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ বিষয়ববীয়া আৰু সংস্থাসমূহ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত বছৰবোৰত বতৰৰ আগজাননী দিয়া সংস্থাসমূহ যেন ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় জল আয়োগে উন্নত তথা অধিক ব্যৱহাৰ যোগ্য বানৰ আগজাননী বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ইপিনে,কৰ’না পৰিস্থিতিত উদ্ধাৰ অভিযান সন্দৰ্ভত তেওঁ উদ্বেগ ব্যক্ত কৰি কয় যে মানুহে যাতে মুখত মাস্ক পৰিধান,ছেনিটাইজাৰৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয় শাৰীৰিক দূৰত্ব বজাই ৰাখে সেয়া ৰাজ্যসমূহে নিশ্চিত কৰিব লাগিব ৷

সাহায্য সামগ্ৰীত হাত ধোৱা বা ছেনিটাইজাৰ সামগ্ৰী আৰু আক্ৰান্ত লোকৰ বাবে ফেচ মাস্ক অন্তৰ্ভূক্ত হ’ব লাগিব। বয়সস্থ লোক,গৰ্ভৱতী মহিলা আৰু জটিল ৰোগাক্ৰান্তসকলৰ বাবে বিশেষ ব্যৱস্থা থাকিব লাগিব ৷প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট মন্ত্ৰণালয়ৰ বিষয়াবৰ্গক ৰাজ্যসমূহে আগবঢ়োৱা পৰামৰ্শৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। বিভিন্ন দুৰ্যোগৰ মোকাবিলাৰ ক্ষেত্ৰত কেন্দ্ৰই সমৰ্থন আগবঢ়াই যাব বুলিও তেওঁ ৰাজ্যসমূহক আশ্বস্ত কৰে ৷বৈঠকত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু ক্ষয় ক্ষতিৰ বিষয়ে অৱগত কৰে।

Exit mobile version