মহামাৰী কৰ’নাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সপ্তমখন বৈঠক

nationalherald 2020 07 9bc23150 97b6 437b 9243 72104ed3ddb6 Narendra Modi ians

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পুনৰ কৰ’না ভাইৰাছৰ সাম্প্ৰতিক স্থিতিৰ সন্দৰ্ভত মহাৰাষ্ট্ৰ,পশ্চিমবংগ,উত্তৰ প্ৰদেশকে ধৰি কে’বাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে মতবিনিময় কৰে ৷প্ৰধানমন্ত্ৰীয়ে কয় ” কৰ’নাৰ সংক্ৰমণক প্ৰতিৰোধ কৰাত যথেষ্ট সফল হৈছে দেশ ৷

সম্প্ৰতি কৰ’নাত চিকিৎসাধীন হৈ থকা লোকসকলৰ শতাংশ হ্ৰাস পাইছে ৷সুস্থ হোৱা লোকসকলৰ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ এইটোৱেই যে আমাৰ চেষ্টাই জয় লাভ কৰিছে ৷সকলোতকৈ ডাঙৰ কথা লোকসকলৰ মাজত আত্মবিশ্বাস বাঢ়ি কৰ’নাৰ ক্ষেত্ৰত হোৱা ভয় বহু পৰিমাণে কমিছে ।”

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় “বিশেষজ্ঞই কয় যে প্ৰাৰম্ভিক পৰ্যায়ত ৭২ ঘন্টাতে যদি সংক্ৰমণক চিনিব পাৰি তেন্তে সংক্ৰমণ পাব ।লগতে ৭২ ঘন্টাতে সংক্ৰমিত ব্যক্তিৰ আশে পাশে থকা ব্যক্তিৰ কৰ’না পৰীক্ষা হ’ব লাগে ৷হাত ধোৱা,মাস্ক পৰিধান কৰাৰ লগতে ক’তো থু নেপেলোৱাৰ সন্দৰ্ভত মানুহৰ মাজত জাগৰণৰ সৃষ্টি কৰিব লাগিব। ইয়াৰ জৰিয়তে আমি কৰ’নাৰ সংক্ৰমণ বেছি হোৱা ৰাজ্যসমূহক ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ম৷”

আজি মোদীৰ ভাষণত কৰ’নাৰ প্ৰতিৰোধ কৰিবলৈ লোৱা পদক্ষেপসমূহে স্থান পায়। তাৰ ভিতৰত কৰ’না টেষ্টৰ সংখ্যা প্ৰত্যেক দিনে ৭ লাখলৈ বৃদ্ধি পাইছে বুলি কয় মোদীয়ে ৷ ইয়াৰ দ্বাৰা কৰ’না সংক্ৰমণক প্ৰতিৰোধ কৰাত সফল হৈছে দেশ ।লগতে মৃত্যুৰ সংখ্যাও সম্প্ৰতি হ্ৰাস পাইছে। যিকেইখন ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮০ শতাংশ ৷সেইকেইখন ৰাজ্য কৰ’না প্ৰতিৰোধত ভূমিকা অসীম ৷উল্লেখযোগ্য যে মহামাৰী কৰ’না মহামাৰীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ এইয়া বিগত পাঁচমাহত ৭ নম্বৰখন বৈঠক। সম্প্ৰতি দেশত কৰ’না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যাই প্ৰায় ২২ লাখলৈ অতিক্ৰম কৰিছে ৷ইয়াৰে প্ৰায় ৪৫ হাজাৰ লোকৰ মৃত্যু হৈছে।

Exit mobile version