আজি হিন্দী ছবিজগতৰ প্ৰসিদ্ধ ছবিসমূহৰ ভিতৰত অন্যতম “জানে ভি দ্যো য়াৰো” ছবিখনে ৩৬ বছৰ সমাপ্ত কৰিলে । ১৯৮৩ চনত মুক্তি লাভ কৰা পৰিচালক কুন্দন শ্বাহৰ এই ছবিখনৰ কাহিনী দুজন ফ’টোগ্ৰাফাৰে সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিক দৃশ্যায়িত কৰিছে । ছবিখনত এটি হত্যা কাণ্ডক কমেডিৰ জৰিয়তে বৰ সুন্দৰকৈ উপস্থাপন কৰিছে ।
বলীউডৰ নজন শিল্পীক লৈ নিৰ্মাণ কৰা এই ছবিখনত সকলো ছবি প্ৰেমীৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল । ছবিখনত নাছিৰোদ্দিন শ্বাহ,ৰবি বাসৱানী, ভক্তি ৱাবে, সতীশ শ্বাহ, অ’ম পুৰী, পংকজ কাপুৰ, সতীশ কৌশিক, নীনা গুপ্তাৰ লগতে বহু জনপ্ৰিয় অভিনেতাৰ অভিনয় কৰিছিল।
এটা সাক্ষাৎকাৰত নাছিৰুদ্দিন শ্বাহে কৈছিল যে বলীউডত নিজৰ অস্তিত্ব দখল কৰিবলৈ যুঁজি থকাৰ সময়তে মুক্তি পোৱা এই ছবিখন তেওঁৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ৷ ইপিনে সেইসময়ত ছবিখন নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হৈছিল ৫ লাখ টকা । ছবিখনত অভিনয় কৰা অভিনেতাসকলৰ ভিতৰত সতীশ শ্বাহৰ বাহিৰে কাৰোৰে ঘৰ, গাড়ী একোৱেই নাছিল । সকলো সতীশ শ্বাহৰ ঘৰতে থাকিছিল । অ’ম পুৰী, পংকজ কাপুৰ আদি আছিল পেইং গেইষ্টত।
আনহাতে ছবিখনৰ শ্বুটিং প্ৰায় ২৪ ঘন্টাই কৰিছিল সকলো অভিনেতাই ৷ ছবিখন মুক্তি পোৱাৰ পিছত সকলোৱে নবাগত অভিনেতাসকলক আদৰি লয় । ছবিখন ২০১২ চনত পুনৰ সমগ্ৰ দেশত মুক্তি দিয়া হয় । পৰিচালক কুণ্ডন শ্বাহে ১৯৮৪ ত ছবিখনৰ কাৰণে ইন্দিৰা গান্ধী পুৰস্কাৰ লাভ কৰে ।লগতে ৰবি বাসৱানীয়ে এই ছবিখনৰ কাৰণে শ্ৰেষ্ঠ কমেডিয়ান ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰে ৷