দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

IndiaTvf17b8d modi independence day

কৰ’না মহামাৰীৰ মাজতে আজি সমগ্ৰ দেশত পালন কৰা হৈছে ৭৪ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা সপ্তমবাৰলৈ দেশক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ৮৬ মিনিটৰ ভাষণত আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰ, কৰ’না সংকট, সন্ত্ৰাসবাদ, ৰিফৰ্ম, মধ্যবিত্তৰ লগতে জম্মু কাশ্মীৰৰ প্ৰসংগই বিশেষভাৱে ঠাই পায়।

তেওঁ কয় কৰ’না মহামাৰীৰ সময়ত ১৩০ কোটি ভাৰতীয়ই আত্মনিৰ্ভৰশীল হ’বলৈ পণ লৈছে । লগতে মোদীয়ে কয় যে স্বাধীনতা দিৱসে আমালৈ নতুন উদ্যম প্ৰেৰণা লৈ আহিছে ৷ গতিকে আমি নতুন সংকল্প লোৱাটো প্ৰয়োজনীয় । অনাগত বৰ্ষত আমি স্বাধীনতাৰ ৭৫ বৰ্ষ উদযাপন কৰিম ৷ গতিকে আমি সকলোৱে নিজৰ নিজৰ সংকল্পসমূহ লৈ আগুৱাই যাম ৷

আমাৰ পূৰ্বজসকলে একনিষ্ঠ, দৃঢ়তাৰে আমাক স্বাধীনতা দি থৈ গৈছে৷ তেওঁলোকে স্বাধীনতাৰ কাৰণে ফাঁচী কাঠত নিজৰ জীৱন বিসৰ্জন দিলে ৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে সেইসময়ত স্বাধীনতাক এটা পথ প্ৰদান কৰিলে ৷ এই স্বাধীনতাৰ যুদ্ধখনত ভাৰতক বহুতে পৰাস্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও জয়ী হ’ব পৰা নাছিল ৷

ভাৰতীয় সংস্কৃতি, পৰম্পৰা আদি উফৰাবলৈ বহু অশুভ শক্তিয়ে চেষ্টা কৰি আছিল ৷ কিছুমানে ভাৰতত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ বহু পৰিমাণে বিচাৰিছিল ৷ কিন্তু ভাৰতবাসীৰ মাজত স্বাধীনতাৰ উদ্যমে সকলো অশুভ শক্তিৰ ওচৰত জয়ী হ’ল।

আমাৰ দেশে বহু ক্ষেত্ৰত আগুৱাই গৈছে ৷ কোনে ভাবিছিল যে দৰিদ্ৰ শ্ৰেণীৰ একাউণ্টত লাখ লাখ টকা ট্ৰান্সফাৰ হ’ব ৷ কোনে ভাবিছিল যে কৃষকৰ কাৰণে নতুন আইন আহিব । কোনে ভাবিছিল যে আমাৰ স্পেচ চেক্টৰ চেন্টাৰ যুৱকসকলৰ কাৰণে খুলি দিয়া হ’ব ৷ ভাৰতৰ এই বিশাল পৰিৱৰ্তন আজি সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে ।

বিগত বৰ্ষত ভাৰত এফ ডি আইয়ে এক ৰেকৰ্ড তৈয়াৰ কৰে । কাৰণ এই বৰ্ষত এফ ডি আই বৃদ্ধি হয় ১৮ শতাংশলৈ ৷ এইয়া ভাৰতৰ অসীম চেষ্টাৰ ফল।

ভাৰতবৰ্ষ আত্মবিশ্বাসৰ লগত আগবাঢ়ি গৈ আছে । কৰ’না মহামাৰীৰ সময়ত দেশৰ আৰ্থিক অৱস্থা সুস্থিৰ কৰা আমাৰ প্ৰথম প্ৰাথমিকতা ৷ এই ক্ষেত্ৰত সহায় কৰিব নেশ্যনেল ইনফাষ্টাকশ্যাৰ প্ৰজেক্টে। ইয়াত প্ৰায় ১১০ লাখ কোটি টকা ব্যয় কৰা হ’ব ৷

গাঁও অঞ্চলত কৃষকসকলৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা হ’ব ৷মই বিগত বাৰত জল জীৱন মিশ্যনৰ কথা ঘোষণা কৰিছিলো । কাৰণ আমাৰ সপোন আছিল যে সকলোৱে বিশুদ্ধ খোৱা পানী লাভ কৰক ৷ মই সুখী হৈছো যে সম্প্ৰতি এক লাখতকৈ বেছি লোকৰ ঘৰত পাইপেৰে পানী লাভ কৰি আছে।

দেশৰ মধ্যবিত্ত লোকসকলৰ বিভিন্ন সুবিধা লাভ কৰিছে । মধ্যবিত্তৰ “ইজ অফ লিভিংৰ” দ্বাৰা বহু সুবিধা হ’ব ৷ ইয়াৰ উপৰিও বিমানৰ টিকটৰ মূল্য হ্ৰাস হোৱা, ইন্টাৰনেটৰ সুবিধা, ঘৰ নিৰ্মাণত লোণ, এইসকলোবোৰত মধ্যবিত্তই সুবিধা লাভ কৰিছে ।

আত্মনিৰ্ভৰশীল ভাৰত আৰু আধুনিক ভাৰত নিৰ্মাণ হোৱাত শিক্ষাৰ গুৰুত্ব অপৰিসীম ৷ ইয়াৰ কাৰণে দেশত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য হ’ল। নতুন শিক্ষা নীতিয়ে দেশখনত আগুৱাই নিয়াত সহায় কৰিব ।

ইফালে কৰ’না ভাইৰাছৰ ভেকচিনৰ সন্দৰ্ভত মোদীয়ে কয় যে বৰ্তমান ভাৰতত তিনিটা ক’ভিড-১৯ ভেকচিনৰ পৰীক্ষামূলক কাম কাজ চলি আছে ৷ এবাৰ বিজ্ঞানীসকলে এই বিষয়ত চূড়ান্ত সিদ্ধান্তত উপনীত হ’লেই জনসাধাৰণক ভেকচিন বিতৰণৰ যাৱতীয় ব্যৱস্থা লোৱা হ’ব ৷

Exit mobile version