চিৰাঙৰ বিজনীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হৈছে । আজি ৰাতিপুৱা ৪.৩০ মান বজাত বিজনীৰ ১ নং বিষ্ণুপুৰ বজাৰৰ ওচৰত হাতী মানুৰ সংঘাতৰ ফলত এজন লোক নিহত হয় । বিষ্ণুপুৰ বজাৰৰ মাজ মজিয়াত বনৰীয়া হাতীয়ে বাটত আক্ৰমণ কৰি হত্যা কৰে লোকজনক। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় ঝাৰবিষপানী গাঁওৰ অধৰ মেধি (৬১) নামৰ লোকজন।
এই সন্ধৰ্ভত বিষ্ণুপুৰ আঞ্চলিক সমিতি সদৌ বিটিচি বঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক সুখদেৱ ৰাজবংশীয়ে চৰকাৰক অতি সোনকালে দৰিদ্ৰ পৰিয়ালটোক ২০ লাখ টকাৰ এককালীন আৰ্থিক সহায়ৰ দাবী জনায় । ঘটনাস্থলীত পাণবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ কাজলগাঁওলৈ প্ৰেৰণৰ চেষ্টা চলায় যদিও ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হয় । নিতৌ বনৰীয়া হাতীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ থকাৰ পিচতো বন বিভাগৰ কোনো শীৰ্ষ বিষয়াই অঞ্চলটো পৰিদৰ্শন নকৰে বুলি অভিযোগ উত্থাপন হৈছে ।
সেয়ে বন সংমণ্ডল বিষয়া ঘটনা স্থলীত নহালৈ মৃতদেহ লৈ প্ৰতিবাদ জনোৱাৰ কথা প্ৰকাশ কৰে স্থানীয় লোকে। দীৰ্ঘদিনৰ পৰাই চিৰাং জিলাৰ উত্তৰাঞ্চলত বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ভূটান সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে গ্ৰামাঞ্চলৰ লোকৰ মাজত সন্ত্ৰাস চলাই আহিছিল যদিও এই ক্ষেত্ৰত বন্যহস্তীক ভেটিবলৈ বন বিভাগে যিদৰে ব্যৱস্থা ল’ব লাগিছিল সেইদৰে কোনো ব্যৱস্থা নোলোৱাৰ ফলতেই সঘনাই জিলাখনত বন্যহস্তীৰ আক্ৰমণত মানুহৰ ঘৰৰ লগতে খেতিপথাৰ ধ্বংস হোৱাৰ উপৰিও প্ৰতিবছৰেই বহু কেইজন লোকৰ মৃত্যু হয় ।
বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীক ৰোধিবলৈ কোনো ধৰণৰ ফেন্সিং বা প্ৰতিৰোধৰ ব্যৱস্থাই নাই । অতিশ্ৰীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে স্থানীয় ৰাইজে । চিৰাং জিলাৰ উত্তৰাঞ্চলৰ ভাৰত-ভূটান সীমান্তৰ এই সমূহ অঞ্চলত প্ৰায়েই বনৰীয়া হাতীয়ে ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে । তাৰপিচতো চৰকাৰৰ কোনো লোকে অঞ্চলসমূহ পৰিদৰ্শন কৰি এই পৰ্যন্ত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই । নিতৌ বন্যহস্তীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈয়ে আহিছে । বন বিভাগক খবৰ দিয়াৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে । সেয়ে আজি এইদৰেই মৃতদেহ লৈ স্থানীয় লোকে প্ৰতিবাদ জনায় ।