গুৱাহাটী মহানগৰীত মংগলবাৰে নিশা অহা এজাক মুষলধাৰ বৰষুণে মহানগৰবাসীৰ আভিজাত্য ধুই নিলে ৷ মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ কে’বাস্হানত কৃত্ৰিম বানে দেখা দিয়ে ৷ বুধবাৰে পুৱাৰ ভাগত পানী শুকুৱাৰ পিছত মহানগৰীৰ ভৰলুমুখৰ পৰা কেইমিটাৰমান দুৰত্বত কালিপুৰৰ এটি পথৰ আধা অংশ বোকা-পানীৰে উপচি পৰা দেখিবলৈ পোৱা যায় ৷ যাৰবাবে পথচাৰীৰ লগতে গাড়ী-মটৰ অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷
ইপিনে দিনৰ প্ৰায় ১০ বজাত এই পথচোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷ একাংশ নাগৰিকে এই সন্দৰ্ভত কয় যে, গুৱাহাটী পৌৰনিগমে পুৱা ৯ বজাৰ আগতে পথ সমুহ পৰিস্কাৰ কৰিব লাগে যদিও এই পথচোৱা পৰিস্কাৰ নকৰাৰ বাবেই পৌৰনিগমৰ আয়ুক্তৰ ওপৰত ক্ষোভ উজাৰে ৷ আয়ুক্ত গৰাকীয়ে পথসমূহ পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল’বলৈ আহ্বান জনাই একাংশ পথচাৰীয়ে ৷ আন একাংশ নাগৰিকৰ মত এয়াই নেকি গুৱাহাটী মহানগৰীৰ স্মাৰ্টচিটিৰ দৃশ্য ? দেশৰ অন্য প্ৰান্তৰ মানুহে মহানগৰীৰ এই কদৰ্যৰূপ দেখিলে মূৰে-কপালে হাত দিব বুলি একাংশ নাগৰিকে মত ব্যক্ত কৰে ৷ এইখিনিতে উল্লেখনীয় বিষয় যে মহানগৰীৰ সদাব্যস্ত পথ এটাত এইদৰে বোকাময় পৰিৱেশ কিমান গ্ৰহণ যোগ্য ৷ স্মাৰ্ট চিটিৰ নামত আটকধুনীয়া হ’বলগীয়া মহানগৰীৰ দৃশ্য সঁচাকৈয়ে এনেকুৱা নেকি?