Geetanagar Incident:
মহানগৰীৰ মাজমজিয়াত থকা শিক্ষানুষ্ঠানত অঘটন ৷ পৰীক্ষা চলি থকা অৱস্থাতে লাগিল হুৱাদুৱা ৷ শিক্ষানুষ্ঠান খনৰ এগৰাকী প্রথম ষান্মাষিকত অধ্যয়নৰত ছাত্ৰীৰ চৰম পন্থা।
ADVERTISEMENT
গীতানগৰ কন্যা মহাবিদ্যালয়ত প্রথম ষান্মাষিকত অধ্যয়নৰত ছাত্ৰী এগৰাকীয়ে সোমবাৰে মহাবিদ্যালয়ৰ প্ৰথম মহলাৰ পৰা জপিয়াই আত্মহনন কৰে ৷ সেই সময়ত মহাবিদ্যালয় খনত চলি আছিল পৰীক্ষা । মৃত ছাত্ৰী গৰাকীৰ বাসগৃহ শিলপুখুৰীত ৷ইতিমধ্যে ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷





























