মিত্ৰতাই চেচাপানী ঢালিলে প্ৰাৰ্থীত্বপ্ৰত্যাশীৰ

Untitled 16 1

আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ কালি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত বিজেপি বিৰোধী দল হিচাপে এ আই ইউ ডিৰ লগতো মিত্ৰতাৰ সিদ্ধান্ত চূড়ান্ত কৰাৰ পাছত বিশেষকৈ কংগ্ৰেছত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কাৰণ এই মিত্ৰতাৰ ফলত কংগ্ৰেছৰ বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আশাৰ সমাধি ঘটাটো নিশ্চিত হৈ পৰিল ৷  এ আই ইউ ডি এফে প্ৰতিদ্বন্দিতাৰ বাবে যিবোৰ সমষ্টিৰ দাবীদাৰ সেইবোৰত কংগ্ৰেছৰো বহু সংখ্যক প্ৰাৰ্থী আছে।

বিশেষকৈ বৰাক উপত্যকা, মধ্য আৰু পশ্চিম অসমত এ আই ইউ ডি এফৰ বৃহৎ ভোট বেংক আছে ৷ গতিকে দলটোৱে সহজে তেনে প্ৰভাৱ থকা সমষ্টি এৰি দিবলৈ আগ্ৰহী নহয় । এ আই ডি এফৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে মিত্ৰতা হ’লেও তেওঁলোকে কমেও ৩০ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ কাৰণ সম্প্ৰতি উক্ত প্ৰেক্ষাপটত উক্ত সমষ্টিকেইটাত এ আই ইউ ডি এ ৰাজনৈতিক সাংগঠনিক দিশেৰে আগত থকা বুলি ইছলামে দাবী কৰে ।

উল্লেখযোগ্য যে বৰ্তমান অসম বিধানসভাত এ আই ইউ ডি এফৰ ১৪ জন বিধায়ক আছে ৷ ২০১৬ ৰ নিৰ্বাচনত দলটোৱে ২০ টা সমষ্টিত অতি কম ভোটৰ ব্যৱধানত পৰাজিত হৈছে ৷ এনে ক্ষেত্ৰত ২০২১ ৰ নিৰ্বাচনত বৰ্তমান নিজৰ দখলত থকা কেইটাৰ উপৰি উক্ত ২০ টাৰো অধিকাংশতে এ আই ইউ ডি এফৰ জয়ৰ সম্ভাৱনা প্ৰৱল । এনে ক্ষেত্ৰত তেনে সমষ্টিবোৰ এৰি দিয়া নহয় বুলি দলটোৰ সূত্ৰই সদৰী কৰে।

Exit mobile version